Thursday, 6 September 2018

Kawoi Fish With Tomato and Mustard Green

লাই শাক আৰু বিলাহীৰে  কাৱৈ মাছৰ জোল
Kawoi Fish with Tomato and Mustard Green

সামগ্ৰী --
কাৱৈ মাছ - ৫-৬ টা
লাই শাক- ২ মুঠি
বিলাহী, কেঁচা জলকীয়া-দুটাকৈ
আলু, পিয়াজ - এটাকৈ
আদা নহৰু বটা -১ চামুচ
জিৰা ধনীয়া গুৰি-আধা চামুচকৈ
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী  --  লাই শাক খিনি ভালদৰে ধুই মিহিকৈ কুটি লওঁক। আলু, পিয়াজ, বিলাহী,জলকীয়াও সৰুকৈ কাটি লব। কাৱৈ মাছ কেইটা বাচি ধুই নিমখ হালধি সানি লওঁক। কেৰাহীত জোখ মতে তেল দি মাছ কেইটা ভাজি একাষে থৈ দিয়ক। সেই তেলতে পিয়াজ, জলকীয়া আৰু মচলা খিনি অলপ ভাজি লৈ আলু, বিলাহী আৰু শাক খিনি ভাজিব। ভালদৰে ভজা হলে নিমখ হালধি দিব লগতে ডেৰ গিলাচ মান বা নিজৰ আন্দাজ মতে পানী দি উতলিবলৈ দিব। এক উতল আহিলে ভজা মাছ কেইটা কেৰাহীত দিব। আলু সিজিলে হেতা খনেৰে অলপ ভাঙি দিব। কিছু সময় উতলাৰ পিছত আঞ্জা খন ঘন হৈ আহিলে কেৰাহীটো নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুব সোৱাদ লগা হয় ।

No comments: