Sunday, 30 September 2018

Rou Fish Tangy Curry with Elephant Apple

ঔটেঙাৰে ৰৌ মাছৰ টেঙা জোল
Rou Fish Tangy Curry with Elephant Apple

সামগ্ৰী --
ৰৌ মাছ ৪-৫ টুকুৰা
ঔটেঙা - এটা
নেমুৰ ৰস -২ চামুচ
ধনীয়া গুৰি আৰু সৰিয়হ
আধা চাহ চামুচকৈ
নিমখ, জলকীয়া গুৰি
সোৱাদ অনুযায়ী
তেল,নিমখ জোখ মতে

প্ৰস্তুত প্ৰণালী  --  অসমৰ পাৰম্পৰিক খাদ্য সম্ভাৰৰ অন্তৰ্ভুক্ত এবিধ অতি জনপ্ৰিয় পুষ্টিকৰ ব্যঞ্জন হৈছে ঔটেঙাৰে ৰন্ধা মাছৰ টেঙা জোল। ঔটেঙাটো কাটি ধুই এগিলাচ মান পানী দি সিজাই পানীৰে সৈতে পিটিকি লব। কেৰাহীত জোখ মতে তেল দি মাছ কেইটুকুৰা নিমখ হালধি সানি ভাজি একাষে থৈ দিয়ক। সেই তেলতে সৰিয়হ খিনি ফুটাই দি ঔটেঙা খিনি ঢালি দি নিমখ, হালধি, জলকীয়া ধনীয়া গুৰি আৰু নেমুৰ ৰস দি উতলিবলৈ দিব। উতল আহিলে ভজা মাছ কেইটুকুৰা আঞ্জা খনত দি অলপ ঘন হলে কেৰাহীটো নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুবেই জুতি লগা হয়।

No comments: