ঘৰতে চকলেট বনোৱাৰ সহজ ৰেচিপি
Homemade Dark Chocolate recipe
সামগ্ৰী --
কোকো পাউদাৰ - ১ কাপ
পিহি লোৱা চেনি -১ কাপ
পাউদাৰ গাখীৰ -১ বাতি
নাৰিকলৰ তেল -২ টেবুল চামুচ
ৰোজ এচেঞ্চ আধা চাহ চামুচ বা
ভেনিলা এচেঞ্চ এচামুচ
প্ৰস্তুত প্ৰণালী --- চকলেট সৰু ল'ৰা ছোৱালীৰ অতিকৈ প্রিয় মিঠাই। যিকোনো সময়তে চকলেট বিচাৰি তেওঁলোকে মাকক আব্দাৰ ধৰি হুলস্থুল লগায়। সেয়েহে খুব কম খৰচ আৰু হাততে পোৱা সামগ্ৰীৰে ঘৰতে চকলেট তৈয়াৰ কৰাৰ সহজ বিধি আগবঢ়ালো, যাতে দোকানত কিনা চকলেটৰ দৰে ঘৰতে বনাই সাঁচি ৰাখিব পৰা যায়। পাউদাৰ গাখীৰ,কোকো পাউদাৰ আৰু চেনি লগলগাই মিহি চালনি এখনেৰে চালি লওঁক। চেনি খিনি পিহোতে খুব মিহি হব লাগিব,তেতিয়াহে চকলেট খিনি দোকানত কিনা চকলেটৰ দৰে মিহি আৰু সোৱাদ লগা হব। কেৰাহী বা ছছপেন এটাত দুগিলাচ মান পানী উতলিবলৈ দিয়ক। ভালদৰে উতল আহিলে আইনাৰ বহল বাওল এটা পাতি দিব,মন কৰিব যে পানী যাতে বাওল টোৰ তলিখনৰ অলপ তলতে থাকে। এতিয়া বাওলটোত নাৰিকলৰ তেল খিনি গলিবলৈ দি কোকো পাউদাৰৰ মিশ্ৰণ খিনি অলপ অলপকৈ গৰম তেলত দি ভালদৰে গলি অলপ পনীয়া হোৱালৈ একেৰাহে লৰাই থাকি ৰোজ এচেঞ্চ বা ভেনিলা এচেঞ্চ দি বাচনটো নমাই আনিব। সৰু সৰু সাঁচ থকা ৰবৰ বা চিলিকন ম'ল্ড অথবা ফ্ৰীজৰ আইচ কিউব ট্ৰেখনত ভৰাই এঘন্টা ফ্ৰীজত ৰাখি উলিয়াই আনি চকলেটৰ কিউব বোৰ আইনাৰ বটলত ভৰাই সাধাৰণ ফ্ৰীজত থৈ বহুদিনলৈ জুতি লব পাৰে।

No comments:
Post a Comment