পূৰৈ শাক আৰু গোল নেমুৰে ৰৌ মাছৰ মূৰৰ আঞ্জা
Rou Fish Head Fry with Basella spinach and Gol Lemon
সামগ্ৰী --
পূৰৈ বা পুই শাক -২ মুঠি
ৰৌ মাছৰ মূৰ - এটা
বিলাহী, পিয়াজ-এটাকৈ
কেঁচা জলকীয়া -দুটা
গোল নেমুৰ ৰস-২ চামুচ
আদা নহৰু বটা-১ চামুচ
জিৰা ধনীয়া গুৰি-আধা চামুচকৈ
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী
সৰিয়হ আধা চামুচ
তেল,হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী --- পূৰৈ শাক খিনি চাফা কৰি ধুই ডালে পাতে কাটি লওঁক। পিয়াজ, বিলাহী, জলকীয়া সৰুকৈ কাটি লব,লগতে মাছৰ মূৰটো দুফাল কৰি লৈ নিমখ হালধি সানি লব। কেৰাহীত জোখ মতে তেল দি মাছৰ মূৰ দুটুকুৰা ভাজি উঠাই থৈ সেই তেলতে সৰিয়হ ফুটাই দি পিয়াজ, জলকীয়া,মচলা ভাজি লৈ বিলাহী খিনি ভাজিব। ভালদৰে ভজা হলে পুই শাক খিনি দি লৰাই দিব। শাক খিনি জহি আহিলে নিমখ হালধি আৰু মাছৰ মূৰ খিনি দি হেতা এখনেৰে অলপ ভাঙি দিব। এবাতি মান পানী দি ঢাকোন লগাই কম জুইত শাক খিনি সিজিবলৈ দিব। ভালদৰে সিজিলে নেমুৰ ৰস দি আঞ্জা খন নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুব জুতি লগা হয়।

No comments:
Post a Comment