Monday, 17 September 2018

Chocolate and lemon Egg Curry

চকলেট আৰু নেমুৰে কণীৰ জুতি
Chocolate an
d lemon Egg Curry

সামগ্ৰী --
কণী - ৪-৫ টা
চকলেট - ২ টুকুৰা বা
গলোয়া হলে ৩ চাহ চামুচ
নেমুৰ বাকলি-দুচামুচ(ৰুকি লোৱা)
নেমুৰ ৰস -২ চামুচ
বাটাৰ - ২ চামুচ
কিচ্ছেন কিং মচলা
আধা চামুচ
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী
পিয়াজ - দুটা
বিলাহী - এটা
পুদিনা পাত অলপ

প্ৰস্তুত প্ৰণালী  --- কণী কেইটা সিজাই বাকলি গুচাই একাষে থৈ দিয়ক। চকলেট খিনি ৰুকি বা মিহিকৈ কাটি লওঁক। পিয়াজ দুটা ডাঙৰ টুকুৰা কৰি আৰু বিলাহীটো দীঘল টুকুৰা কৰি কাটি লব। ননষ্টিক কেৰাহী এটা পাতি বাটাৰ খিনি দি কণী কেইটা ভাজি দুফালকৈ কাটি লওঁক। সেই বাটাৰতে পিয়াজ, বিলাহী আৰু মচলা খিনি ভাজিব।ভালদৰে ভজা হলে চকলেট খিনি দি গলি যোৱালৈ কম জুইত একেৰাহে অলপ সময় লৰাই থাকিব লাগিব। এতিয়া নেমুৰ বাকলি-ৰস,নিমখ আৰু এবাতি মান পানী দি উতলিবলৈ দিব। উতল আহিব ধৰিলে কণী কেইটা কেৰাহীত দিব। আঞ্জা খন উতলি থুপথুপিয়া হলে পুদিনা পাত দি নমাই থব। গৰম ভাত অথবা ৰুটি লুচিৰ লগত খাবলৈ খুব জুতি লগা হয়।

No comments: