Saturday, 15 September 2018

Ripe Papaya Halwa

পকা অমিতাৰ হালোৱা
Ripe Papaya Halwa

সামগ্ৰী --
পকা অমিতা এটা
পাউদাৰ গাখীৰ আধা কাপ
বাটাৰ এচামুচ
ঘি দুচামুচ
কাজু বাদাম ৮-১০ টা
খিছমিছ কেইটা মান
চেনি ২ টেবুল চামুচ
ইলাচি গুৰি আধা চাহ চামুচ
নিমখ এচিকুট
ডালচেনি এটুকুৰা


প্ৰস্তুত প্ৰণালী  -- অমিতা টো ধুই বাকলি গুচাই কাটি লৈ হাতেৰে মোহাৰি ( ফেনেকি ) বা মিক্সিত অলপ পিহি লব। কাজু কেইটা গুৰি কৰি লব,একেবাৰে মিহি হব নালাগে। কেৰাহীত ঘি আৰু বাটাৰ দি ডালচেনি টুকুৰাটো দি অলপ গোন্ধ ওলালে খিছমিছ আৰু অমিতা খিনি দি লৰাই দিব। অলপ সময় ভজাৰ পিছত পাউদাৰ গাখীৰ খিনি অলপ অলপকৈ দি আনখন হাতেৰে একেৰাহে লৰাই থাকিব, তেতিয়া গাখীৰ খিনি লাৰু লাৰু নহয়। এতিয়া চেনি, কাজু আৰু নিমখ দি একেৰাহে কিছু সময় লৰাই থাকিব লাগিব। অমিতাৰ মিশ্ৰণ টো কেৰাহীৰ পৰা এৰাই অহাৰ নিচিনা হলে ইলাচি গুৰি দি নমাই থব। গৰমে গৰমে খাবলৈ খুব জুতি লগা হয়। ঠান্ডা কৰি খাব খুজিলে ফ্ৰীজত থৈ দুই তিনি দিনলৈ হালোৱাৰ সোৱাদ লব পাৰি।

No comments: