Thursday, 30 August 2018

Indian Style Mac'N' Cheese

ইণ্ডিয়ান ষ্টাইল ছিজ মেকৰণি
Indian Style Mac'N' Cheese

সামগ্ৰী --
মেকৰণি - ১৫০ গ্ৰাম ( এবাতি),
ছিজ - পাৰমেজন আৰু চেদাৰ
আধা কাপকৈ ( ৰুকি লোৱা ),
ক্ৰীম আৰু পেৰি পেৰি ছছ দুচামুচকৈ,
পিয়াজ দুটা আৰু বিলাহী এটা,
চিলি ফ্লেক্স এচামুচ,
নিমখ ,জালুকৰ গুৰি জুতি মতে
তেল জোখ মতে

প্ৰস্তুত প্ৰণালী  --  দুগিলাচ মান পানীত আধা চামুচ নিমখ আৰু তেল দি মেকৰণি খিনি দহ বাৰ মিনিট মান সময় সিজাই লওঁক। ভালদৰে সিজিলে খৰাহী এটাত পানী চেকি লৈ আকৌ ঠান্ডা পানীৰে ধুই লব। পিয়াজ ,বিলাহী সৰুকৈ কাটি লওঁক। কেৰাহীত জোখ মতে তেল দি পিয়াজ, বিলাহী,চিলি ফ্লেক্স, ছছ,নিমখ,জালুকৰ গুৰি ভাজি লৈ মেকৰণি খিনি কেৰাহীত দি অলপ সময় ভাজিব লাগিব। নিমখ জোখতকৈ অলপ কমাই দিব কাৰণ ছিজ আৰু ছছত নিমখ থাকেই। এতিয়া ক্ৰীম আৰু ছিজ খিনি মেকৰণিত দি ভালদৰে লৰাই ঢাকোন লগাই একেবাৰে কম জুইত পাঁচ মিনিট মান ৰাখি কেৰাহীটো জুইৰ পৰা নমাই থব। গৰমে গৰমে খাবলৈ খুবেই সোৱাদ লগা হয়।

No comments: