ৱাটাৰ মেলন আৰু ইণ্ডিয়ান মেলন ছিজ কেক
Watermelon and Indian melon Chees Cake
সামগ্ৰী --
বিস্কুটৰ গুৰি এবাতি, বাটাৰ ২ টেবুল চামুচ
ছিজৰ তৰপৰ বাবে লাগিব...
আমূল ক্ৰীম ছিজ-১৫০ গ্রাম
আমূল ক্ৰীম - ১০০ গ্ৰাম
জিলেটিন -৪ চাহ চামুচ
দুয়ো বিধ মেলনৰ পিউৰি একাপ
ভেনিলা এচেঞ্চ-১ চামুচ
চেনি ৪ টেবুল চামুচ
পানী আধা কাপ
ৱাটাৰমেলন জেলিৰ তৰপৰ বাবে লাগিব..
ৱাটাৰমেলন পিউৰি ডেৰ গিলাচ
জিলেটিন ৩ চাহ চামুচ
ভেনিলা এচেঞ্চ এচামুচ
নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী -- বেকিং টিন এটাত বাটাৰ পেপাৰ পাৰি লওঁক। বিস্কুটৰ গুৰি আৰু বাটাৰ ভালদৰে মিহলাই লৈ বেকিং টিন টোত বহলাই দি চামুচ এখনেৰে হেঁচি হেঁচি দি বাচনটো ২০ মিনিট ফ্ৰীজত থৈ দিয়ক। এতিয়া ক্ৰীমৰ তৰপটো বনাবলৈ প্ৰথমে দহ মিনিট আগতে জিলেটিন খিনি পানীত গুলি থব। মেলনৰ পিউৰি খিনি গৰম হবলৈ দি চেনি আৰু জিলেটিন খিনি দি একেৰাহে লৰাই থাকি চেনি গলি যোৱা যেন পালে জুই বন্ধ কৰি ঠান্ডা হবলৈ দিব। ক্ৰীম ছিজ, ক্ৰীম আৰু ভেনিলা এচেঞ্চ ভালদৰে ফেটি লৈ ঠান্ডা পিউৰি খিনি মিহলাই বিস্কুটৰ গুৰিৰ তৰপ টোৰ ওপৰত বহলাই দি দুঘন্টা ফ্ৰীজত থৈ দিব। এতিয়া ৱাটাৰমেলন জেলিৰ তৰপটো বনাবলৈ দহ মিনিট আগতে জিলেটিন খিনি পিউৰিত গুলি থব। পিউৰি খিনি গৰম হবলৈ দি ভেনিলা এচেঞ্চ আৰু নিমখ দি উতল আহিলেই জুই বন্ধ কৰি দি ঠান্ডা হবলৈ দিব। ঠান্ডা হোৱাৰ পিছত ফ্ৰীজৰ পৰা বাচনত উলিয়াই আনি ক্ৰীমৰ তৰপটোৰ ওপৰত ঢালি আকৌ দুঘন্টা ফ্ৰীজত থৈ উলিয়াই আনি মেলনৰ টুকুৰাৰে সজাই ঠান্ডাকৈয়ে ছিজ কেকৰ সোৱাদ লওঁক।

No comments:
Post a Comment