Friday, 17 August 2018

Roasted Yellow Bell Pepper Cheesy Egg Curry

চিজ আৰু হালধীয়া কেপচিকামেৰে কণীৰ দম
Roasted Yellow Bell Pepper Cheesy Egg Curry

সামগ্ৰী --
হালধীয়া কেপচিকাম এটা,
পিয়াজ, পকা জলকীয়া দুটাকৈ,
জিৰা ,ধনীয়া গুৰি আৰু কাৰি,
গৰম মচলা আধা চামুচকৈ,
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ  অনুযায়ী,
কণী  -  ৬-৭ টা
আদা নহৰু বটা এচামুচ,
চেদাৰ চিজ আধা কাপ,
বিলাহী এটা ,
তেল,হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী  --  কেপচিকাম আৰু বিলাহী টো পুৰি বাকলি গুচাই পিয়াজ জলকীয়াৰ লগত মিক্সিত মিহিকৈ পিহি লওঁক। কণীকেইটা সিজাই বাকলি গুচাই লৈ দুটামান গোটায়ে ৰাখি বাকীকেইটা দুফাল কৰি কম তেলত সামান্য ভাজি উঠাই থব। কেৰাহীত জোখ মতে তেল দি আদা নহৰু বটা আৰু বাকী মচলা অলপ ভাজি লৈ কেপচিকামৰ মিশ্ৰণটো ভাজিব। ভালদৰে ভজা হলে  নিমখ হালধি আৰু এগিলাচ বা নিজৰ আন্দাজ মতে পানী দি উতলিবলৈ দিয়ক। এক উতল আহিলে চিজখিনি দি গলি যোৱালৈ একেৰাহে অলপ সময় লৰাই দি  কণীকেইটাও কেৰাহীত দিব। আঞ্জাখন উতলি ঘন হৈ আহিলে কেৰাহীটো নমাই থব। গৰম ভাত আৰু লুচিৰ লগত খাবলৈ খুব তৃপ্তিদায়ক হয়।

No comments: