ত্ৰিৰংগা জেলো কেক
Tiranga Jello Cake
সামগ্ৰী --
গেৰুৱা তৰপ --আমৰ ৰস এগিলাচ, চেনি দুচামুচ,
জিলেটিন ৪ চাহ চামুচ, পানী আধা কাপ,খোৱা কমলা ৰং ২-৩ টোপাল, নিমখ এচিকুট
শুকুলা ( বগা ) তৰপ --গাখীৰ এগিলাচ, নাৰিকলৰ গাখীৰ একাপ, ক্ৰীম আধা কাপ, জিলেটিন ৩ চামুচ, পানী আধা কাপ,চেনি এচামুচ
শ্যামল ( সেউজীয়া ) তৰপ --আনাৰসৰ ৰস এগিলাচ, জিলেটিন ৪ চাহ চামুচ, পানী আধা কাপ, চেনি দুচামুচ, সেউজীয়া ৰং ২-৩ টোপাল, নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী --- ত্ৰিৰংগা জেলো কেকৰ সোৱাদ লবলৈ প্ৰথমে গেৰুৱা ৰঙৰ তৰপ টো বনাই তাৰ পিছত ক্ৰমে শুকুলা আৰু শ্যামল বৰণৰ তৰপ দুটা বনাব লাগিব। এটা তৰপ বনাই জেলি হবলৈ এঘন্টা ফ্ৰীজাৰত ৰখাৰ পিছতহে আন এটা তৰপ বনাব পৰা যাব। গেৰুৱা তৰপটো বনাবলৈ জিলেটিন খিনি পানী আধা কাপত দহ মিনিট আগতে তিয়াই থব। আমৰ ৰস খিনি গৰম হবলৈ দি চেনি, নিমখ আৰু তিয়াই থোৱা জিলেটিন খিনি দি চেনি গলি যোৱালৈ একেৰাহে লৰাই থাকি জুই বন্ধ কৰি দিব। অলপ ঠান্ডা হলে কমলা ৰং মিহলাই কেক টিন এটাত মিশ্ৰণটো ঢালি ফ্ৰীজত এঘন্টা থৈ দিব। এঘন্টা পিছত বগা তৰপটো বনাবলৈ জিলেটিন খিনি তিয়াই থব। গাখীৰৰ লগত বাকী সকলো সামগ্ৰী লগলগাই লব। কেৰাহীত জিলেটিন খিনি গলিবলৈ দি গাখীৰৰ মিশ্ৰণটো দিব। চেনি গলি যোৱালৈ একেৰাহে লৰাই থাকি জুই বন্ধ কৰি দিব। অলপ ঠান্ডা হলে গেৰুৱা তৰপটোৰ ওপৰত ঢালি দি আকৌ এঘন্টা ফ্ৰীজাৰত থৈ দিব। পুনৰ এঘন্টা পিছত গেৰুৱা তৰপটো বনোৱা পদ্ধতিৰে সেউজীয়া তৰপটো বনাই বগা তৰপটোৰ ওপৰত ঢালি দি বাচনটো ফ্ৰীজত দুই ঘন্টা মান থৈ দিয়ক। জেলি ভালদৰে গোট মাৰিলে বাচনটো উলিয়াই আনি প্লেট এখনত লুটিয়াই দি নিজৰ পচন্দ মতে কাটি লৈ ঠান্ডাকৈয়ে জেলো কেকৰ জুতি লওঁক।

No comments:
Post a Comment