ভোট জলকীয়া আৰু তেঁতেলিৰে বাঁহৰ গাজৰ আচাৰ
Bamboo Shoots Pickle With Bhot Jalakiya and Imli
সামগ্ৰী -
ভলোকা বাঁহৰ গাজ - ৩ টা,
তেঁতেলি অলপ , অথবা
থেকেৰা টেঙা - ৫-৬ টুকুৰা,
ভোট জলকীয়া - দুটা ,
জিৰা-ধনীয়া-আজোঁৱাইন গুৰি
আধা চাহ চামুচকৈ ,
নিমখ, হালধি, তেল -জোখ মতে
প্ৰস্তুত প্ৰণালী --- বাঁহৰ গাজ অধিক আঁহযুক্ত ( Fibre ) গুণৰ লগতে আন বহুতো পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ এবিধ অতি মুখৰোচক অসমীয়া পাৰম্পৰিক খাদ্য সামগ্ৰী। ইয়াৰ পৰা তৈয়াৰ কৰা খৰিচা, আচাৰ আৰু বিভিন্ন ব্যঞ্জন অতি উপকাৰী আৰু খুউব সোৱাদ লগা হোৱাৰ উপৰিও ইয়াক বনাবলৈও বহুত সহজ। বাঁহৰ গাজ কেইটা চাফা কৰি লৈ ধুই ৰুকি লওঁক। ভোট জলকীয়া দুটা সৰু সৰু টুকুৰা কৰি কাটি লব। গাজ কেইটা ৰুকি লোৱাৰ পিছত হাত খন গাজৰ ওপৰত অলপ পানীৰে ধুই দিব। গাজ খিনিত নিমখ, জলকীয়া আৰু তেঁতেলি সানি তিনি দিন তেনেকৈয়ে থৈ দিয়ক। তিনি দিনৰ পিছত গাজ খিনি এক দুই দিন টান ৰ'দত শুকুৱাই মচলা, তেল, হালধি সানি আইনাৰ বটলত ভৰাই থব। বহু দিনলৈ সাঁচি ৰাখি খাব পৰা বাঁহৰ গাজৰ আচাৰ খুবেই জুতি লগা হয় ।

No comments:
Post a Comment