কচু থুৰি পাতত দিয়া
Taro Stem Paaturi
সামগ্ৰী --
কচু থুৰি - ২ মুঠি ,
কেঁচা জলকীয়া -দুটা,
মিহিকৈ কুটি লোৱা
আদা নহৰু -১ চামুচ,
নেমুৰ ৰস -১ চামুচ,
নিমখ, জালুকৰ গুৰি
সোৱাদ অনুযায়ী,
মিঠাতেল - জোখ মতে
কল পাত এখন
প্ৰস্তুত প্ৰণালী --- কচু থুৰি পাতত দিয়া অতিকৈ সোৱাদ লগা আৰু খাদ্য গুণেৰে ভৰপূৰ অসমৰ এবিধ পাৰম্পৰিক খাদ্য। বছৰটোৰ সকলো সময়তে খাব পৰা যায় যদিও বাৰিষাৰ কচুৰ আঞ্জাৰ জুতিয়ে বেলেগ হয়। বনোৱাৰ পদ্ধতিও একেবাৰে সহজ। খৰিৰ জুইত বেছি সোৱাদ লগা হয় যদিও চহৰত দুৰ্লভ হেতুকে কেৰাহীত নিমখ দিয়ে বনাই খালো। কেৰাহী এটাত নিমখ একাপ বহলাই দি দহ মিনিট মান আগতে মধ্যমীয়া জুইত গৰম হবলৈ দিয়ক। কচু থুৰি আৰু জলকীয়া সৰুকৈ কাটি লব। কল পাত খন জুইত সামান্য সেকি লৈ কচু থুৰি আৰু বাকী সামগ্ৰীৰ লগত আধা চামুচ মিঠাতেল দি টোপোলা বান্ধি লব। গৰম কেৰাহীটোত নিমখৰ ওপৰত এখন জালি বা ষ্টেণ্ডৰ দি টোপোলা টো বহাই দিব। দহ মিনিট মান পিছত লুটিয়াই দি আকৌ পোন্ধৰ মিনিট মান যোৱাৰ পিছত উলিয়াই আনি অলপ ঠান্ডা হলে আধা চামুচ মিঠাতেল সানি ভালদৰে পিটিকি লৈ গৰম ভাতৰ লগত জুতি লওঁক।

No comments:
Post a Comment