ছাগলীৰ মাংসৰ ৰঙালী কাবাব
Mutton Rongali Kabab
সামগ্ৰী - ছাগলীৰ মাংস ৫০০ গ্ৰাম , কেঁচা অমিতাৰ পেষ্ট ২ টেবুল চামুচ, দৈ ১ টেবুল চামুচ, কণী-পিয়াঁজ-কেঁচা জলকীয়া দুটাকৈ, আদা নহৰু বটা-জিৰা ধনীয়া গুৰি-কচুৰী মিথি-কাবাব চিনি বা গৰম মচলা আধা চামুচ কৈ, নিমখ-জালুক-জলকীয়া গুৰি সোৱাদ অনুযায়ী, ধনীয়া পাত অলপ, তেল জোখ মতে
প্ৰস্তুত প্ৰণালী - মাংস খিনি হাড় গুচাই লৈ মিক্সিত মিহিকৈ পিহি লওঁক। পিয়াঁজআৰু কেঁচা জলকীয়া সৰু সৰুকৈ কুটি লব। কণী এটা ফেটি একাষে থৈ দিয়ক। এতিয়া এটা বহল বাচনত মাংস খিনিৰ লগত তেলৰ বাহিৰে বাকী সকলো সামগ্ৰী লগলগাই সানি লব। ফেটি থোৱা কণীটোও দিব। অলপ সময় ভালদৰে সানি আধা ঘণ্টা ঢাকি থৈ দিব। আধা ঘণ্টাৰ পিছত মাংস খিনি আকৌ এবাৰ সানি নিজৰ পছন্দৰ আকাৰ দি কাবাব কেইটা ভাজিবলৈ সাজু কৰি লব। কেৰাহীত জোখ মতে তেল দি ভালদৰে গৰম হলে কম মধ্যমীয়া জুইত কাবাব কেইটা ভাজি উঠাই থব। টাৱা এখন গৰম কৰি সামান্য তেল মচি দি আনটো কণী লাহেকৈ ভাঙি দি জুই বন্ধ কৰি দিব। কাবাবৰ লগত সজাবলৈ চানি চাইদ আপ সাজু হৈ গল। যিকোনো চছৰ সৈতে সুন্দৰকৈ সজাই পৰিবেশন কৰক।

No comments:
Post a Comment