ডেলিছিয়াছ মেংগো পেন' কোটা
Delicious Mango Panna Cotta
সামগ্ৰী --
পকা আম - ৩ টা, জিলেটিন -২ চাহ চামুচ
ক্ৰীমৰ মিশ্ৰণৰ বাবে লাগিব--
গাখীৰ - আধা কাপ
চেনি - আধা কাপ
ক্ৰীম - একাপ
জিলেটিন -১ চাহ চামুচ
ভেনিলা এচেঞ্চ -১ চাহ চামুচ
প্ৰস্তুত প্ৰণালী -- জিলেটিন দুচামুচ আধা কাপ পানীত তিয়াই থৈ দিয়ক। আম কেইটা টুকুৰা কৰি কাটি লৈ মিক্সিত দি পিউৰি কৰি লওঁক। সৰু ছছপেন এটাত তিয়াই থোৱা জিলেটিন খিনি গৰম কৰি ভালদৰে গলাই লৈ আমৰ ৰসত মিহলাই লগে লগেই আইনাৰ গিলাচ এটা হেলনীয়াকৈ ৰাখি আধা মানলৈ ভৰাই গোট মাৰিবলৈ ফ্ৰীজত আধা ঘন্টা থৈ দিব। আধা ঘন্টাৰ পিছত ক্ৰীমৰ মিশ্ৰণ টো বনাব লাগিব। দুচামুচ মান পানীত জিলেটিন খিনি তিয়াই থৈ দিয়ক। কেৰাহী এটাত গাখীৰ খিনি গৰম হবলৈ দি চেনি আৰু ক্ৰীম খিনি দিব। গাখীৰ উতলিব নালাগে কেৱল চেনি খিনি গলিলে জিলেটিন আৰু ভেনিলা এচেঞ্চ দি এক মিনিট একেৰাহে লৰাই জুই বন্ধ কৰি দি আৰু ৩০ ছেকেণ্ড মান সময় লৰাই থাকিব লাগিব। এতিয়া ফ্ৰীজৰ পৰা গিলাচটো উলিয়াই আনি গিলাচটো চিধা কৰি লৈ ক্ৰীমৰ মিশ্ৰণ খিনি ভৰাই আকৌ আধা ঘন্টা ফ্ৰীজত থৈ উলিয়াই আনি ঠান্ডাকৈয়ে পেন' কোটাৰ সোৱাদ লওঁক।

No comments:
Post a Comment