ভোট জলকীয়া আৰু কঁঠালৰ ডিলাৰ সোৱাদেৰে ভাঙন মাছৰ আঞ্জা
Bhangon Fish With Bhot Jalakiya and Jackfruit arils
সামগ্ৰী -
ভাঙন মাছ - আধা কিলো
কঁঠালৰ ডিলা - এটা
ভোট জলকীয়া - এটাৰ আধা
আলু, পিয়াজ, বিলাহী -এটাকৈ
আদা নহৰু বটা -১ চামুচ
জিৰা ধনীয়া গুৰি-আধা চামুচকৈ
নেমুৰ ৰস -২ চামুচ
ক্ৰীম - ১ চামুচ
নিমখ- সোৱাদ অনুযায়ী
হালধি, তেল- জোখ মতে
প্ৰস্তুত প্ৰণালী - কঁঠালৰ ডিলাটো সৰু সৰু টুকুৰা কৰি কাটি সিজাই লওঁক। পিয়াজ, আলু, বিলাহীও কাটি লব। আদা নহৰু বটোতে ভোট জলকীয়া খিনিও দিব। ভাঙন মাছ কেইটা নিমখ হালধি সানি ভাজি একাষে থৈ দিয়ক। সেই তেলতে পিয়াজ আৰু মচলা ভাজি লৈ আলু,বিলাহী আৰু কঁঠালৰ ডিলা খিনি ভাজিব। ভালদৰে ভজা হলে আলু সিজাৰ জোখত পানী দি উতলিবলৈ দিব আৰু লগতে নেমুৰ ৰস,নিমখ,হালধিও দিব। হেতা এখনেৰে আলুখিনি অলপ ভাঙি দিব আৰু মাছকেইটা কেৰাহীত দি আকৌ অলপ সময় উতলিব দিব। আঞ্জাখন ঘন হৈ আহিলে ক্ৰীম খিনি দি নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুবেই জুতি লগা হয় ।

No comments:
Post a Comment