কঁঠাল গুটি আৰু কল পচলাৰ খাৰৰ আঞ্জা
Jackfruit Seeds and Bark Of Banana Khaar
সামগ্ৰী -
কঁঠাল গুটি - ১৫ টা মান
কল পচলা - এবাতি ( মিহিকৈ কুটি লোৱা )
কলাখাৰ বা চ'ডা খাৰ - জুতি মতে
কেঁচা জলকীয়া -২ টা
আদা বটা - এচামুচ
নহৰু বটা, জিৰা গুৰি - আধা চামুচকৈ
নিমখ, জলকীয়া গুৰি - সোৱাদ অনুযায়ী
মিঠাতেল, হালধি - জোখ মতে
প্ৰস্তুত প্ৰণালী - কঁঠাল গুটি কেইটা বাকলি গুচাই চাৰি পাঁচ ঘন্টা মান তিয়াই থৈ গুটি বোৰৰ ৰঙচুৱা পাতল তৰপ টো পেলাই দি ভালদৰে ধুই সৰুকৈ কাটি লওঁক। কেৰাহীত জোখ মতে তেল দি কেঁচা জলকীয়া আৰু মচলা খিনি অলপ ভাজি কঁঠালৰ গুটি আৰু পচলা খিনি ভাজিব। অলপ সময় ভজাৰ পিছত নিজৰ জুতি অনুযায়ী খাৰ,নিমখ,হালধি দিব,আৰু ডেৰ গিলাচ মান পানী দি ঢাকোন লগাই সিজিবলৈ দিব। ভালদৰে সিজিলে আঞ্জা খন নমাই আনি আধা চামুচ মান কেঁচা মিঠা তেল সানি গৰম ভাতৰ লগত খাবলৈ খুবেই সোৱাদ লগা হব। কলাখাৰ অধিক সুস্বাদু আৰু স্বাস্থ্যসন্মত যদিও ঘৰত নথকা বাবে মই এচিকুটতকৈ অকণমান বেছিকৈ চ'ডা খাৰ দিছো।

No comments:
Post a Comment