পালেং পুদিনাৰে টোষ্ট ব্ৰেক
Spinach Mint Toast Break
সামগ্ৰী -
ব্ৰেড -৪ খন ,
কণী ২ টা ,
বাদামৰ গুৰি-এচামুছ,
সিজোৱা মাকৈ-মটৰ অলপ,
পালেং পাত-১০-১২ টা,
পুদিনা পাত-হাতৰ এমুঠি,
জালুকৰ গুৰি এচিকুট,
নিমখ জুতি মতে,
বাটাৰ এচামুছ,
বিলাহীৰ ছচ অলপ
প্ৰস্তুত প্ৰণালী - পালেং কেইপাত গৰম পানীত ৩০ চেকেণ্ড মান সময় ৰাখি তুলি আনি পুদিনা পাত আৰু বাদামৰ গুড়িৰ লগত মোহাৰি লব। কণী এটা নিমখ আৰু জালুকৰ গুৰি দি ফেটি লব। এতিয়া ব্ৰেড কেইখন কণীত লেটীয়াই দুয়োফালে মোহাৰি লোৱা পালেং-পুদিনাৰ পেষ্ট লগাই টাৱাত বাটাৰ দি ভাজি উঠাই থওক। লগে লগে টাৱাখনত তেল নিদিয়াকৈ আনটো কণী ভাঙি এনেয়ে দি জুই বন্ধ কৰি দিব। চানি চাইদ-আপ সাজু হৈ গল। সিজোৱা মাকৈ-মটৰত নিমখ আৰু সামান্য জালুকৰ গুৰি সানি লব। বিলাহীৰ ছচ খিনিও প্লেটত ৰাখিব।সুন্দৰকৈ সজাই খোৱা টেবুলত ৰাখক ,সৰু লৰা ছোৱালীৰ লগতে ডাঙৰ সকলেও হেঁপাহেৰে খাবলৈ লব।

No comments:
Post a Comment