Wednesday, 11 July 2018

Beetroot Chicken Frankie

বিতৰুট  চিকেন  ফ্ৰেংকি
Beetroot  Chicken  Frankie

সামগ্ৰী - ময়দা - ২ কাপ,তেল -২ চামুচ, নিমখ এচিকুট আৰু পানী

ফিলিং - বনলেছ চিকেন -৩০০ গ্ৰাম, ৰুকি লোৱা বিত একাপ, পিয়াঁজ -২টা, বিলাহী,কেঁচা জলকীয়া -এটাকৈ, আদা নহৰু বটা-১ চামুচ, জিৰা ধনীয়া গুৰি, মিটমছলা,
কচুৰী মিথি, চেনি -আধা চামুচকৈ, নিমখ, জালুক,জলকীয়া গুৰি -সোৱাদ অনুযায়ী, ধনীয়া পুদিনা পাত অলপ, তেল-জোখ মতে

প্ৰস্তুত প্ৰণালী - ময়দা খিনিত তেল আৰু নিমখ দি পানীৰে ৰুটিৰ আটা মাৰাৰ দৰে মাৰি একাষে থৈ দিয়ক। পিয়াঁজ, বিলাহী, জলকীয়া মিহিকৈ কুটি লব। চিকেন খিনি মিক্সিত দি অলপ মিহি কৰি লব। ফিলিং তৈয়াৰ কৰিবলৈ কেৰাহীত দুচামুছ মান তেল দি পিয়াঁজ খিনি অলপ ভাজি বাকী মছলা ভাজিব। তাৰ পিছত বিলাহী ভাজি ৰুকি থোৱা বিতখিনি দি অলপ সময় পিছত চিকেন খিনি দি কম জুইত ভালদৰে ভাজিব। দহ মিনিট মান পিছত ধনীয়া পুদিনা পাত দি কেৰাহীটো নমাই থব। এতিয়া মাৰি থোৱা ময়দা খিনিৰ কেইটামান লাৰু বনাই এখন ৰুটিৰ আকাৰতকৈ সামান্য ডাঙৰ কৈ বেলি টাৱাত অলপ তেল দি এখন এখন কৈ ভাজি মাজত চিকেনৰ ফিলিং দি ভালদৰে মেৰিয়াই গৰমে গৰমে পৰিবেশন কৰিব। চিকেন ফ্ৰেংকি ৰাতিপুৱা-আবেলি জলপান হিচাবে খাবলৈ আৰু ল'ৰা-ছোৱালীক স্কুলৰ টিফিন দিবলৈ অতি কম সময়ত প্ৰস্তুত কৰিব পৰা জুতি লগা আৰু পুষ্টিকৰ জলপান।

No comments: