Wednesday, 11 July 2018

Plum and Coconut Paneer Curry

প্লাম আৰু নাৰিকলেৰে পনীৰ
Plum and Coconut Paneer Curry

সামগ্ৰী -
পনীৰ -  ৩০০ গ্ৰাম
ৰোকা নাৰিকল -একাপ
প্লাম - ৪ টা
পিয়াজ, জলকীয়া -দুটাকৈ
বিলাহী  - এটা
আদা নহৰু বটা -১ চামুচ
জিৰা ধনীয়া গুৰি আৰু
গৰম মচলা -আধা চামুচকৈ,
নিমখ, জালুক-জলকীয়া গুৰি
সোৱাদ অনুযায়ী
হালধি, তেল -জোখ মতে

প্ৰস্তুত প্ৰণালী -   পনীৰ খিনি নিজৰ পচন্দ মতে টুকুৰা কৰি কাটি লওঁক। প্লামকেইটা বাকলিৰ সৈতে কাটি লৈ গুটি বোৰ পেলাই দিব। এতিয়া প্লামৰ টুকুৰা, পিয়াজ, জলকীয়া,বিলাহী কাটি লৈ মিক্সিত অলপ পিহি তাত নাৰিকল খিনি দি মিক্সিটো আকৌ অলপ চলাই দিব। কেৰাহীত জোখ মতে তেল দি প্ৰথমে বটা মচলা খিনি অলপ ভাজি লৈ গুৰি মচলা ভাজি জোখ মতে পানী দি উতলিবলৈ দিব। ভালদৰে উতল আহিলে পনীৰ খিনি দি আঞ্জা খন ঘন হৈ আহিলে নমাই থব। গৰম ভাত ,ৰুটি বা নানৰ লগত খাবলৈ খুব সোৱাদ লগা হয়।

No comments: