অম্বুবাচী বিশেষ কোমল চাউলৰ জলপান
Ambubasi special komal rice Jalpan
সামগ্ৰী -
কোমল চাউল - আধা কিলো,
দৈ - এক লিটাৰ,
গুৰ বা চেনি -একাপ,
পকা কল কেইটা মান,
নিমখ জুতি মতে,
লগত আম, জামু ,লেতেকু
আদি বতৰৰ ফল
প্ৰস্তুত প্ৰণালী - কোমল চাউলৰ জলপান অম্বুবাচীৰ লগতে বছৰৰ যিকোনো সময়তে খাব পৰা অতি পুষ্টিকৰ আৰু সোৱাদ লগা জলপান। তৈয়াৰ কৰা পদ্ধতিটোও অতি সহজ। কোমল চাউল খিনি এৰাতি অথবা চাৰি পাঁচ ঘন্টা ঠান্ডা পানীত তিয়াই থব। কিছুমান উন্নত জাতৰ কোমল চাউল অৱশ্যে দুই তিনি ঘন্টা তিয়াই থলেই হৈ যায়। খোৱাৰ এঘন্টা মান আগতে চাউল খিনি খৰাহী এটাত তৰিয়াই ( উঠাই ) থব। কাঁহীত দিয়াৰ সময়টো চাউল খিনি হাতেৰে টানকৈ মুঠি মাৰি পানী চেপি দিব। পানী ৰৈ গলে খাই মুঠেও সোৱাদ নালাগিব। কোমল চাউলৰ লগত নিজৰ জুতি মতে দৈ,কল,গুৰ,নিমখ আদি সানি লৈ লগত বতৰৰ বিভিন্ন ফলেৰে জলপানৰ সোৱাদ লওঁক।

No comments:
Post a Comment