Wednesday, 11 July 2018

Almond Mango Custard

বাদাম আৰু আমৰ কাষ্টাৰ্ড
Almond  Mango  Custard

সামগ্ৰী -
গাখীৰ - আধা লিটাৰ
পকা আমৰ ৰস - আধা কাপ
পকা আমৰ টুকুৰা -এবাতি
বাদাম  -  আধা কাপ
চেনি  - ৪-৫  চাহ চামুচ
ভেনিলা কাষ্টাৰ্ড পাউদাৰ
চাৰি চাহ চামুচ

প্ৰস্তুত প্ৰণালী -   আধা কাপ ঠান্ডা গাখীৰত কাষ্টাৰ্ড পাউদাৰ খিনি গুলি লব আৰু বাকীখিনি গাখীৰ গৰম হবলৈ দিব। বাদাম খিনিৰ কেইটা মান সজাবলৈ ৰাখি বাকী কেইটা অলপ গুৰি কৰি গাখীৰত দি লগতে চেনি খিনিও দিব। গুলি থোৱা কাষ্টাৰ্ড পাউদাৰ খিনি আকৌ এবাৰ গুলি লৈ এখন হাতেৰে অলপ অলপকৈ গৰম গাখীৰত ঢালি দিব আৰু আন খন হাতেৰে একেৰাহে লৰাই থাকিব। জুই কমাই ৰাখিব লাগিব। মিশ্ৰণটো ঘন হৈ আহিলে জুই বন্ধ কৰি আমৰ ৰস খিনি ঢালি দি অলপ সময় লৰাই থাকিব। অলপ ঠান্ডা হলে ফ্ৰীজত আধা ঘন্টা ৰাখি উলিয়াই আনি আম আৰু বাদামৰ টুকুৰাৰে সজাই পৰিবেশন কৰিব।

No comments: