নাৰিকলেৰে ট'ফুৰ আঞ্জা
Coconut Tofu Curry
সামগ্ৰী -
ট'ফু - ৩০০ গ্ৰাম
নাৰিকলৰ গাখীৰ -আধা কাপ
নাৰিকল বটা - ২ চামুচ
পিয়াজ, বিলাহী, জলকীয়া - এটাকৈ
আদা নহৰু বটা - ১ চামুচ
কাৰি মচলা,ধনীয়া গুৰি - আধা চামুচকৈ
গৰম মচলা - আধা চামুচ
নিমখ, জালুক,জলকীয়া গুৰি - জুতি মতে
হালধি, তেল - জোখ মতে
প্ৰস্তুত প্ৰণালী - ট'ফু হৈছে ছয়াবিনৰ (গুটি) গাখীৰৰ পৰা তৈয়াৰ কৰা অতি কোমল পনীৰ। গাখীৰৰ পনীৰতকৈ অলপ ব্যয় বহুল যদিও ইয়াত থকা প্ৰটিন,কেলচিয়াম আৰু অধিক আঁহযুক্ত গুণৰ কাৰণে মধুমেহ আৰু আন বহুতো ৰোগত ভোগা ৰোগীৰ লগতে বাঢ়ি অহা ল'ৰা-ছোৱালী আৰু গৰ্ভৱতি মহিলাৰ বাবে অত্যন্ত পুষ্টিকৰ খাদ্য আৰু ৰান্ধিবলৈও সহজ। ট'ফু খিনি নিজৰ পছন্দ মতে টুকুৰা কৰি কাটি অলপ নিমখ আৰু জালুকৰ গুৰি সানি দহ মিনিট থৈ দিয়ক। পিয়াজ, বিলাহী,জলকীয়া মিহিকৈ বটি লওঁক। কেৰাহীত জোখ মতে তেল দি প্ৰথমে বটা মচলা বোৰ অলপ ভাজি লৈ গুৰি মচলা ভাজিব। মচলা ভজা হলে নিমখ, হালধি আৰু জোখ মতে পানী দি উতলিবলৈ দিব। ভালদৰে উতল আহিলে ট'ফু আৰু নাৰিকলৰ গাখীৰ খিনি দি আঞ্জা খন ঘন হৈ আহিলে কেৰাহীটো নমাই থব। গৰম ভাত- ৰুটিৰ লগত খাবলৈ খুৱেই জুতি লগা হয়।

No comments:
Post a Comment