মাকৈ মাছৰুমৰ তাৱা কেক
Corn Mushroom Tawa Cake
সামগ্ৰী-
সিজোৱা মাকৈ ( কৰ্ণ ) - আধা কাপ,
সিজোৱা মটৰ - আধা কাপ,
পানী চেকা দৈ - আধা কাপ,
মাছৰুমৰ টুকুৰা এবাতি,
পিয়াজ, বিলাহী -এটাকৈ,
কেঁচা জলকীয়া দুটা,
মিহিকৈ কুটা আদা নহৰু এচামুছ,
চাটমছলা,কচুৰি মিথি-আধা চামুচকৈ,
নিমখ, জালুকৰ গুৰি-জুতি মতে,
ধনীয়া পুদিনা পাত অলপ,
তেল বা বাটাৰ-জোখ মতে
প্ৰস্তুত প্ৰণালী - পিয়াজ,বিলাহী আৰু জলকীয়া মিহিকৈ কুটি লওঁক। কেৰাহীত এক চামুচ তেল দি মাছৰুম খিনি বহাই সামান্য নিমখ আৰু জালুকৰ গুৰি দি পাঁচ মিনিট মান সময় ভাজি নমাই থব। এতিয়া সিজোৱা মাকৈ,মটৰ আৰু মাছৰুম মিক্সিত দি অলপ পিহি লব। একেবাৰে মিহি হব নালাগে। বহল বাচন এটাত সকলো বোৰ সামগ্ৰী লগলগাই ভালদৰে সানি লওঁক। গৰম ফ্ৰাইপেন অথবা ননষ্টিক তাৱাত তেল বা বাটাৰ দি ভাগ ভাগকৈ বহাই দি ভাজি গৰমে গৰমে ছছ-চাটনিৰ লগত পৰিবেশন কৰিব।

No comments:
Post a Comment