Tuesday, 8 May 2018

Stale Idli Arancini



বাহি  ইডলীৰ  অৰণচিনি
Stale Idli Arancini

সামগ্ৰী-

বাহি ইডলী-২ টা,
পনীৰ-১০০ গ্ৰাম,
সিজোৱা আলু-১ টা,
পিয়াঁজ, জলকীয়া, বিলাহী-১ টাকৈ,
ধনীয়া গুৰি, কচুৰী মিথি, চাটমছলা-
আধা চাহ চামুচকৈ,
বাটাৰ,নেমুৰ ৰস-১ চাহ চামুচকৈ,
নিমখ,জালুক,জলকীয়া গুৰি-
সোৱাদ অনুযায়ী,
ধনীয়া পুদিনা পাত অলপ,
তেল জোখ মতে

প্ৰস্তুত প্ৰণালী -

পনীৰ আৰু আলু ভালদৰে পিটিকি বা ৰুকি লব। ইডলী দুটা হাতেৰে মোহাৰি মিহি কৰি লওঁক। পিয়াঁজ, বিলাহী, জলকীয়া মিহিকৈ কুটি লব। বহল বাচন এটাত সকলো বোৰ সামগ্ৰী লগলগাই ভালদৰে সানি লওঁক। ইচ্ছা কৰিলে কণী এটাও ভাঙি দিব পাৰে। কণী দিলে পনীৰৰ পৰিমাণ কমাই অথবা নিদিয়াকৈও বনাব পাৰি (পনীৰ নাথাকিলে )। মিশ্ৰণটো সানি লোৱাৰ পিছত নিজৰ পছন্দৰ আকাৰ দি অৰণচিনি কেইটা ভাজিবলৈ সাজু কৰি লব। এতিয়া ননষ্টিক টাৱা বা কেৰাহীত জোখ মতে তেল দি অৰণচিনি কেইটা ভাজি গৰমে গৰমে চাহ-কফিৰ লগত পৰিবেশন কৰিব।








No comments: