Friday, 11 May 2018

Marisa (Kale) saag Bhaji With Teel

তিল বটাৰে মৰিছা শাক ভাজি
Marisa (Kale) Saag Bhaji With Teel

সামগ্ৰী - মৰিছা শাক -২ মুঠি , তিল বটা -১ চামুচ, আদা নহৰু বটা -১ চামুচ, পিয়াঁজ, বিলাহী, কেঁচা জলকীয়া -এটাকৈ, ধনীয়া গুৰি -আধা চামুচ, নিমখ, জালুক,জলকীয়া গুৰি -সোৱাদ অনুযায়ী, হালধি, তেল-জোখ মতে

প্ৰস্তুত প্ৰণালী - মৰিছা শাক দুমুঠি ডালে-পাতে ভালদৰে ধুই অলপ দীঘলীয়াকৈ কাটি লওঁক। পিয়াঁজ, বিলাহী, জলকীয়া সৰুকৈ কুটি লব। কেৰাহীত জোখ মতে তেল দি পিয়াঁজ খিনি অলপ ভাজি আদা নহৰু বটা আৰু তিল বটা ভাজিব। এতিয়া গুৰি মছলা,নিমখ ,জলকীয়া আৰু বিলাহী দি অলপ সময় ভাজি শাক খিনি দি ভালদৰে লৰাই ঢাকোন লগাই কম জুইত সিজিবলৈ দিব। কিছু সময় পিছত ঢাকোন গুচাই চাই ভালকৈ নিসিজিলে বা বেছি শুকান যেন লাগিলে একাপ মান পানী দি আকৌ ঢাকোন লগাই অলপ সময় সিজিবলৈ দিব। মৰিছা শাক খিনি সিজি কোমল হোৱা যেন লাগিলে আঞ্জা খন নমাই থব। ইচ্ছা কৰিলে ধনীয়া পাত কাটি দিব পাৰে। মই সিজোৱা কণীৰে সজাই শাক ভাজি পৰিবেশন কৰিছো।

No comments: