Monday, 7 May 2018

Almond Chocolate Fudge Monsoon Baked

বাদাম  আৰু  চকলেটৰ  মনচুন  বেক
Almond  Chocolate  Fudge Monsoon Baked

সামগ্ৰী -  ময়দা - একাপ, কোকো পাউদাৰ -আধা কাপ, বাদামৰ গুৰি-একাপ + গোটা ১০-১২ টা মান, চকলেট-১২০ গ্ৰাম, মৌ আৰু চেনি - ১ টেবুল চামুচকৈ,  বাটাৰ ২ টেবুল চামুচ, কণী -২ টা, বেকিং পাউদাৰ আৰু ভেনিলা এচেঞ্চ ১ চামুচকৈ, নিমখ এচিকুট ,গাখীৰ অলপ

প্ৰস্তুত প্ৰণালী -  কেক টিন এটাত বাটাৰ সানি ময়দা ছটিয়াই বাটাৰ পেপাৰ এখন পাৰি একাষে থৈ দিয়ক। চকলেট খিনি বাটাৰৰ লগত গলাই লব। গোটা বাদাম (অলমণ্ড) কেইটা দীঘলীয়াকৈ কাটি লব। ময়দা, কোকো পাউদাৰ, বেকিং পাউদাৰ একেলগে ছালি লব। বহল বাচন এটাত কণী আৰু চেনি ফেটি লৈ তাত কটা বাদামৰ বাহিৰে বাকী সকলো সামগ্ৰী মিহলাই ভালদৰে সানি লব। চকলেট আৰু কোকো পাউদাৰৰ উগ্ৰ গোন্ধ পছন্দ নকৰিলে এচামুছ ৰোজ এচেঞ্চ মিহলাইও লব পাৰে।মিশ্ৰণ টো তৈয়াৰ কৰোতে প্ৰয়োজন অনুসৰিহে গাখীৰ অলপ অলপ কৈ ঢালি লব। এতিয়া মিশ্ৰণ খিনি কেকটিনত ঢালি ওপৰত কটা বাদামৰ টুকুৰাৰে সজাই প্ৰিহিত অভেনত ১৮০ ডিগ্ৰীত ২৫-৩০ মিনিট আৰু কুকাৰ বা কেৰাহীত বনালে ৩০-৩৫ মিনিট বেক কৰিব লাগিব। ল'ৰা-ছোৱালীক স্কুলৰ টিফিন দিবলৈ আৰু আবেলিৰ চাহ কাপৰ লগত খাবলৈ খুব জুতি লগা হয়।

No comments: