ভাপত দিয়া মাছৰ লাৰুৰে কিনোৱাৰ জুতি
Quinoa With Steamed Fish Ba
ll
সামগ্ৰী -
কিনোৱা- ১ কাপ,
পানী - ২ কাপ,
পিয়াঁজ, বিলাহী,জলকীয়া এটাকৈ,
নিমখ,জালুকৰ গুৰি জুতি মতে,
সৰুকৈ কটা গাজৰ, বিন,
কেপচিকাম এবাতি,
কচুৰী মিথি-আধা চামুচ,
ধনীয়া পুদিনা পাত অলপ ,
হালধি - এচিকুট,
তেল জোখ মতে
প্ৰস্তুত প্ৰণালী - কিনোৱা প্ৰটিন, ফাইবাৰ, কাৰ্বহাইড্ৰেট আৰু অন্যান্য অত্যাৱশ্যকীয় উপাদান সমৃদ্ধ এবিধ অতিকৈ পুষ্টিকৰ জলপান । মধুমেহ, উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ লগতে গৰ্ভৱতী মহিলা,বাঢ়ি অহা শিশুৰ বাবে অতি উপকাৰী এই জলপান বিধ সকলো বয়সৰ ব্যক্তিয়ে গ্ৰহণ কৰিব পাৰে। ৰান্ধিবলৈ সহজ আৰু সময় বৰ বেছিও নালাগে। কিনোৱা খিনি আধা ঘণ্টা তিয়াই থব লাগিব। আধা ঘণ্টা পিছত ২ কাপ পানীৰ লগত সিজাই লব লাগিব। কেৰাহীত সিজালে ২০-২৫ মিনিট লাগিব সিজিবলৈ। সেয়েহে মই কুকাৰত চাৰিটা মান হুইছেল দি কিনোৱা খিনি সিজাই লৈছো। কেৰাহীত জোখ মতে তেল দি পিয়াঁজ খিনি ভাজি লৈ পাচলি বাতি দি ধনীয়া পুদিনাৰ বাহিৰে বাকী সকলো সামগ্ৰী দি ভালদৰে লৰাই ঢাকোন লগাই সিজিবলৈ দিব। পাচলি সিজিলে কিনোৱা খিনি দি পাঁচ মিনিট মান সময় ভাজি ধনীয়া পুদিনা পাত দি কেৰাহীটো নমাই থব। পাচলিৰ লগত অথবা পাচলিৰ সলনি কণী,মাছ আৰু চিকেনৰ লগতো বেলেগ বেলেগ কৈ ৰান্ধি কিনোৱাৰ জুতি লব পাৰি। মই ফ্ৰীজত থকা মাছ অলপ ভাপত সিজাই পিয়াঁজ, জলকীয়া, ধনীয়া পাত দি সানি লৈ লাৰু বনাই কিনোৱাৰ লগত পৰিবেশন কৰিছো।

No comments:
Post a Comment