কৰ্দৈ টেঙাৰ জ্বলা-মিঠা আচাৰ
Star fruits Hot N Sweet Pickle
সামগ্ৰী -
কৰ্দৈ টেঙা -১ কেজি,
গুড়-আধা কাপ বা নিজৰ জুতি মতে ,
নিমখ-জলকীয়া গুৰি সোৱাদ অনুযায়ী,
আজোৱাইন গুৰি-জিৰা ধনীয়া গুৰি
আধা চাহ চামুচকৈ,
ভিনেগাৰ-আধা কাপ ,
মিথি গুৰি এচিকুট,
সৰিয়হ -১ চাহ চামুচ,
মিঠাতেল -৩০০ গ্ৰাম,
হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী - কৰ্দৈ কেইটা ভালদৰে ধুই মচি লৈ এক ইঞ্চিৰ জোখত টুকুৰা কৰি কাটি এদিন ৰদত শুকুৱাই লওঁক। গুড় খিনিত দুচামুছ মান পানী দি গলাই চেকি লব । গুড় খাবলৈ মন নকৰিলে চেনি দিও বনাব পাৰি। ননষ্টিক কেৰাহী এটাত তেল খিনি গৰম হবলৈ দিয়ক। ভালদৰে গৰম হলে জুই কমাই দি সৰিয়হ ফুটাই কৰ্দৈ খিনি দি লগতে নিমখ, হালধি আৰু গুৰি মচলা বোৰো দিব। অলপ সময় ভাজি গুড় আৰু ভিনেগাৰ দি একেৰাহে লাহে লাহে লৰাই থাকিব। দহ মিনিট মান পিছত কৰ্দৈৰ টুকুৰা বোৰ কোমল হৈ আহিলে কেৰাহীটো নমাই থব। সময় ইয়াত কৈ অলপ বেছিও লাগিব পাৰে। আচাৰ একেবাৰে ঠাণ্ডা হলেহে আইনাৰ বটলত ভৰাই থব। ভিনেগাৰ দি বনালে বহু দিনলৈ সাঁচি ৰাখি কৰ্দৈ টেঙাৰ জ্বলা-মিঠা আচাৰৰ জুতি লব পাৰি।

No comments:
Post a Comment