Saturday, 21 April 2018

Rice Flour Tawa Pizza

পিঠাগুৰিৰে  টাৱা   পিজ্জা
Rice Flour Tawa Pizza

সামগ্ৰী -

পিঠাগুৰি - ১ কাপ,
চুজি - আধা কাপ,
গাখীৰ আৰু দৈ -
আধা কাপ কৈ ,
চেনি - এচামুছ,
কণী-২ টা,
কেপচিকাম -আধা ফাল,
বিলাহী, পিয়াঁজ, গাজৰ,
জলকীয়া - এটাকৈ,
ধনীয়া পুদিনা পাত অলপ,
নিমখ,জালুক-জলকীয়া গুৰি
সোৱাদ অনুযায়ী ,
বাটাৰ-এচামুছ ,
তেল - আধা চামুচ ,
অৰিগন' -আধা চামুচ,
মজৰেলা চিজ-অলপ

প্ৰস্তুত প্ৰণালী - পিঠাগুৰি, চুজি, গাখীৰ, দৈ,চেনি, নিমখ,জালুক-জলকীয়া গুৰি আৰু প্ৰয়োজন অনুসৰি পানী দি ঘোল এটা তৈয়াৰ কৰি লব। কণী দুটা ফেটি লৈ লগত সৰুকৈ কুটা পিয়াঁজ, জলকীয়া আৰু নিমখ দি অমলেটৰ বাবে সাজু কৰি ৰাখিব। বিলাহী-কেপচিকাম সৰু সৰু টুকুৰা কৰি আৰু গাজৰ টো ৰুকি লব লাগিব। এতিয়া ননষ্টিক টাৱা এখন ভালকৈ গৰম কৰি লৈ তেল আৰু বাটাৰ দি পিঠাগুৰিৰ ঘোলটো বহলাই দি ৩০ চেকেণ্ড মান পিছত কণীৰ মিশ্ৰণ টো ঢালি দি ওপৰত কাটি থোৱা পাচলি খিনি দিব। তাৰ ওপৰত এচিকুট জালুক-জলকীয়া গুৰি, ধনীয়া-পুদিনা ,অৰিগন'আৰু চিজ দি ঢাকোন লগাই দিব।প্ৰথমৰ পৰাই জুই কমাই ৰাখিব। ৫-৮ মিনিট মান পিছত নমাই আনি সুন্দৰ কৈ কাটি চাহ-কফিৰ লগত গৰমে গৰমে পিজজাৰ সোৱাদ লওঁক।


No comments: