কেৰেলাৰ পদ্ধতিৰে ৰন্ধা মচলা প্ৰণ
Kerala style Prawns masala Curry
সামগ্ৰী -
প্ৰণ - ৫০০ গ্ৰাম,
নাৰিকলৰ গাখীৰ আধা কাপ আৰু
ৰুকি লোৱা আধা কাপ ,
পিয়াঁজ-কেঁচা জলকীয়া দুটাকৈ,
বিলাহী -এটা,
আদা নহৰু বটা -এচামুছ,
নিমখ-জালুক-জলকীয়া গুৰি
সোৱাদ অনুযায়ী,
কাৰী মচলা-ধনীয়া গুৰি-গৰম মচলা
আধা চামুচকৈ,
হালধি-তেল জোখ মতে,
নৰসিংহ পাত অলপ
প্ৰস্তুত প্ৰণালী - প্ৰণ কেইটা ভালদৰে চাফা কৰি ধুই লব। চাফা কৰোতে প্ৰণটোৰ পিঠিৰ একেবাৰে ওপৰত দীঘলীয়াকৈ সামান্য কাটি দিলে এডাল মিহি কলা সূতাৰ দৰে দেখিবলৈ পোৱা যাব।টানি উলিয়াই পেলাই দিব লাগিব, সেয়া খোৱাটো মুঠেই স্বাস্থ্য সন্মত নহয়। কেঁচা জলকীয়া ,পিয়াঁজ আৰু বিলাহী মিক্সিত অলপ পিহি তাত ৰোকা নাৰিকল খিনি দি আকৌ এবাৰ মিক্সিটো চলাই দি মিহি কৰি বটি লব। কেৰাহীত সামান্য তেল দি প্ৰণকেইটা অলপ ভাজি উঠাই থব। সেইটো কেৰাহীতে জোখ মতে তেল দি নাৰিকলৰ গাখীৰৰ বাহিৰে বাকী সকলো সামগ্ৰী ভাজি লব। প্ৰথমে বটা বোৰ অলপ ভাজিহে গুৰি মচলা ভাজিব। মচলাৰ ভজা গোন্ধ ওলাই তেল বিৰিঙি উঠিলে এক গিলাচ বা নিজৰ জোখমতে পানী দি উতলিবলৈ দিব। ভালদৰে উতল আহিলে নাৰিকলৰ গাখীৰ আৰু প্ৰণকেইটা কেৰাহীত দি ঢাকোন লগাই সিজিবলৈ দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে কেৰাহীটো নমাই থব। গৰম ভাত অথবা ৰুটিৰ লগত খাবলৈ খুব জুতি লগা হয়।

No comments:
Post a Comment