Wednesday, 18 April 2018

Assamese Authentic Sweet Dish - Rahipa

অসমৰ পাৰম্পৰিক মিষ্টান্ন ৰহিপা
Assamese Authentic Sweet Dish RAHIPA

সামগ্ৰী-

জহা চাউল - আধা কাপ ,
গাখীৰ - এক লিটাৰ ,
ঘি - দুই চাহ চামুচ ,
তেজপাত দুটা ,
সতেজ কুঁহিয়াৰৰ ৰস
আধা লিটাৰ,
সজাবলৈ আখৈ দুটামান

প্ৰস্তুত প্ৰণালী - সময়ৰ সোঁতত হেৰাই যাব খোজা অসমৰ পাৰম্পৰিক মিষ্টান্ন ৰহিপাৰ বিষয়ে আজি হয়তো বহুতে গমেই নাপায় । অতিকে পুষ্টিকৰ আৰু তৃপ্তিদায়ক  এই মিষ্টান্ন ৰহিপা ৰঙালী বিহু উপলক্ষে ৰান্ধি  পৰিয়ালৰ আটাইয়ে মিলি আনন্দেৰে উপভোগ কৰিলো। খাই খুব ভাল লগাত ৰন্ধন বিধি লিখি আপোনালোকলৈ আগবঢ়াই দিলো । চাউলখিনি দুঘণ্টা মান তিয়াই থৈ পানী টুকি লব। গাখীৰ গৰম হবলৈ দি এটা উতল আহিলে তেজপাত আৰু চাউলখিনি দি লৰাই দিব। ঘনে ঘনে লৰাই থাকিব লাগিব।চাউলখিনি প্ৰায় সিজা যেন লাগিলে কুঁহিয়াৰৰ ৰস খিনি ঢালি দিয়ক। লগে লগে ঘি দুচামুছ দি কিছু সময় একেৰাহে লৰাই থাকি ঘন হৈ আহিলে কেৰাহীটো নমাই থব। আখৈৰে সুন্দৰকৈ সজাই ৰহিপা পৰিবেশন কৰিব। গৰমে গৰমে ৰহিপা খাবলৈ অতিকৈ সোৱাদ লগা হয় ।




No comments: