আদাৰ সোৱাদেৰে নাৰিকলৰ কেৰামেল পুডিং
Ginger Flavoured Coconut Caramel Pudding
সামগ্ৰী -
নাৰিকলৰ গাখীৰ ২ কাপ
ক্রিম -২ টেবুল চামুচ
গাখীৰ - আধা কাপ
কন্ডেঞ্চ মিল্ক - ১ কাপ
কৰ্ণফ্লাৰ -২ চাহ চামুচ
ৰুকি লোৱা আদা এচামুছ
চেনি - আধা কাপ
প্ৰস্তুত প্ৰণালী - শুদা কেৰাহী এটাত চেনিখিনি গলাই ( কেৰামেল ) লৈ ডাঠ ৰঙচুৱা হলে যিটো বাচন ভাপত দি পুডিং বনাব তাত ঢালি ঠাণ্ডা হৈ গোট মাৰিব দিয়ক। ভাপত দিবলৈ ডাঙৰ কুকাৰ বা ছচপেনত দুগিলাচ মান পানী উতলিবলৈ দিয়ক। নাৰিকলৰ গাখীৰৰ লগত ক্রিম, কন্ডেঞ্চ মিল্কআৰু ৰোকা আদা মিহলাই কম জুইত গৰম হবলৈ দিব।গাখীৰ খিনিৰ লগত কৰ্ণফ্লাৰ গুলি লৈ নাৰিকলৰ গাখীৰৰ মিশ্ৰণটোত ঢালি দি একেৰাহে ৩০ চেকেণ্ড লৰাই জুই বন্ধ কৰি দিব। এতিয়া কেৰামেল ৰখা বাতিটোত এখন চেকনি ৰাখি মিশ্ৰণ টো ঢালি এলুমিনীয়াম পেপাৰ অথবা ষ্টীলৰ প্লেটেৰে ঢাকি বাচনটো উতলি থকা পানীত ষ্টেণ্ড এডালৰ ওপৰত ৰাখি পুডিং টো সিজিবলৈ দিব। ১৫-২০ মিনিট হলে বাচন টো নমাই আনি ঠাণ্ডা হবলৈ ফ্ৰীজত ৪-৫ ঘন্টা থৈ দিব। অভেনত বনালে ১৮০ডিগ্ৰীত ১২-১৫ মিনিট লাগিব। তাৰ পিছত উলিয়াই আনি পুডিং বাতিটোৰ ওপৰত প্লেট এখন ৰাখি ওলোটাই দিব। কেৰামেল খিনি লাহে লাহেকৈ বৈ আহিব। দেখি খুব সুন্দৰ লাগে আৰু খাবলৈও বহুত সোৱাদ লগা হয় ।

No comments:
Post a Comment