Friday, 30 March 2018

Wood Apple Jello Muffin

শ্ৰীফল জেলো মাফিন
Wood Apple Jello Muffin

সামগ্ৰী- শ্ৰীফলৰ ৰস-১ কাপ, চুজি-১ কাপ, দৈ-১ কাপ, ময়দা-২ টেবুল চামুচ, বাদামৰ (অলমণ্ড) গুৰি-১ টেবুল চামুচ, চেনি-২ টেবুল চামুচ, বাটাৰ-২ টেবুল চামুচ, জিলেটিন-২ চাহ চামুচ, নিমখ-অলপ, বেকিং পাউদাৰ-আধা চামুচ, ভেনিলা এচেঞ্চ-১ চামুচ।

প্ৰস্তুত প্ৰণালী (জেলি বনাবলৈ)- শ্ৰীফলৰ ৰসৰ লগত আধা কাপ পানী, এচামুচ চেনি আৰু এচিকুট নিমখ মিহলাই উতলিবলৈ দিয়ক। ভালদৰে উতলি চেনি গলি যোৱাৰ পিছত জিলেটিন খিনি দি এক মিনিট মান একেৰাহে লৰাই থাকি জুই বন্ধ কৰি দিব। এতিয়া মিশ্ৰনখিনি দুভাগ কৰি দুটা বহল বাতি অথবা প্লেটত ঢালি ফ্ৰিজাৰত আধা ঘণ্টা থৈ দিয়ক।
(মাফিন বনাবলৈ)- আধা ঘণ্টা পিছত মাফিনৰ মিশ্ৰণটো তৈয়াৰ কৰিব লাগিব। অভেনতবনালে ১৭০°ত প্ৰিহিত কৰি লব। মই ননষ্টিক কেৰাহীত এবাতি নিমখ দি তাৰ ওপৰত বেকিং প্লেটত মাফিন কাপ ৰাখি বনাইছো। বনোৱাৰ দহমিনিট আগতে মধ্যমীয়া জুইত কেৰাহীটো ঢাকোন মাৰি গৰম হবলৈ দিব। বাটাৰ খিনি গলাই লব। এতিয়া চুজি, ময়দা, বেকিং পাউদাৰ, চেনি, বাদামৰ গুৰি আৰু নিমখ এচিকুট লগ লগাই লৈ তাত দৈ, বাটাৰ আৰু ভেনিলা এচেঞ্চ দি সকলো সামগ্ৰী ভালদৰে মিহলাই লওক। ফ্ৰিজাৰত ৰখা জেলিৰ এভাগ উলিয়াই আনি মাফিনৰ মিশ্ৰণটোত মিলাই লৈ মাফিন কাপত ঢালি বেক হবলৈ দিব। অভেনত দিলে ১২-১৫ মিনিট আৰু কেৰাহী বা কুকাৰত বনালে ১৫-২০ মিনিট পিছত উলিয়াই আনিব। অলপ ঠাণ্ডা হলে আন ভাগ জেলি উলিয়াই আনি মাফিনৰ লগত সুন্দৰকৈ সজাই পৰিবেশন কৰিব।

No comments: