কমলা ভোগ ( বেঙ্গলী মিষ্টান্ন )
Komola Bhog ( Bengalis Popular Sweet )
সামগ্ৰী- গাখীৰ-১ লিটাৰ, কমলাৰ ৰস-১ কাপ, টেঙা দৈ-১ কাপ বা নেমুৰ ৰস-আধা কাপ, চুজি-চেনি-এক চামুচকৈ।
চেনিৰ ৰস-চেনি-৩ কাপ, পানী-৭ কাপ
প্ৰস্তুত প্ৰণালী- গাখীৰ খিনি গৰম হবলৈ দি এটা উতল অহাৰ লগে লগে দৈ অথবা নেমুৰ ৰস দি চানা ফটাই লওক। চানাখিনি ঠাণ্ডা পানীৰে ধুই ভালদৰে পানী টুকি লব। এতিয়া চানাখিনি হাতেৰে মোহাৰি লৈ চুজি-চেনি মিহলাই ১০ মিনিট মান সময় ঢিলা হাতেৰে আটা মাৰাৰ দৰে মাৰি লৈ নিজৰ পচন্দ মতে লাৰু বনাই লব। আন এটা বহল কেৰাহীত চেনিৰ ৰস উতলিবলৈ দিব। ভালদৰে উতল আহিলে চেনিৰ ৰসত কমলাৰ ৰস খিনি ঢালি দি চানাৰ লাৰু কেইটাও একেলগে ৰসত পেলাই দিব। প্ৰথম ১০ মিনিট বেছি জুইত আৰু তাৰ পিছত ৪০ মিনিট ঢাকোন লগাই মধ্যমীয়া জুইত সিজাই কেৰাহীটো নমাই থব। তেনেকৈয়ে ৪-৫ ঘণ্টা ৰখাৰ পিছত কমলা ভোগ খাবলৈ খুবেই সোৱাদ লগা হয়। বেঙ্গলী সকলে ভগৱানলৈ পূজাৰ ভোগ হিচাপে আগবঢ়াই কমলা ভোগ।

No comments:
Post a Comment