তৰমুজেৰে চিৰাৰ পোলাও
Watermelon rice flakes pulao
সামগ্ৰী - চিৰা এবাতি, তৰমুজৰ টুকুৰা এবাতি, সৰুকৈ কটা ব্ৰকলি-গাজৰ-বিন আৰু সিজোৱা মটৰ লগলগাই এবাতি, পিয়াঁজ দুটা, নিমখ -জালুক-জলকীয়া গুৰি সোৱাদ অনুযায়ী, গোটা জিৰা -কচুৰী মিথি আধা চামুচকৈ,টমেট চছ ১ টেবুল চামুচ, ডালচেনিৰ সৰু টুকুৰা এটা, ধনীয়া পাত অলপ, তেল জোখমতে
প্ৰস্তুত প্ৰণালী - চিৰা বাতি ধুই একাষে থৈ দিয়ক আৰু পিয়াঁজ দুটা সৰুকৈ কাটি লওক। কেৰাহীত জোখ মতে তেল দি গোটা জিৰা আৰু ডালচেনিৰ টুকুৰাটো দি পিয়াঁজ খিনি অলপ ভাজি লৈ পাচলি বাতি ভাজিব। ধনীয়া পাতৰ বাহিৰে বাকী মচলা, চছ আৰু নিমখ দি অলপ সময় ভাজি তৰমুজৰ টুকুৰা কেইটা দি এক মিনিটৰ পিছত চিৰা বাতি দি একেৰাহে কিছু সময় লৰাই থাকি মচলাৰ লগত চিৰাখিনি লগ লাগি ভালদৰে ভজা হলে ধনীয়া পাত দি নমাই থব। ৰাতিপুৱা অথবা আবেলি জলপান হিচাবে খাবলৈ অতিকৈ পুষ্টিকৰ আৰু তৃপ্তিদায়ক হয়।

No comments:
Post a Comment