Sunday, 25 March 2018

Sweet and Savoury Creamy Sweet Potato

 মিঠা-নিমখীয়া সোৱাদেৰে মিঠা আলু
Sweet and Savoury Creamy Sweet Potato

সামগ্ৰী- মিঠা আলু-২টা, পিয়াজ-২টা, বাদামৰ গুৰি-পিষ্টাৰ গুৰি-১টেবুল চামুচকৈ, বিলাহীৰ চচ-২চাহ চামুচ, চাট মচলা-কচুৰিমিথি-গৰম মচলা-কিচ্ছেন কিং মচলা-আধা চামুচকৈ, নিমখ, জলকীয়া, জালুকৰ গুৰি-সোৱাদৰ অনুযায়ী, বাটাৰ-১চামুচ, ধনীয়া-পুদিনা পাত অলপ, তেল জোখমতে, ক্রিম-২টেবুল চামুচ, মৌ বা চেনি-১চামুচ।

প্ৰস্তুত প্ৰণালী- মিঠা আলু২টা সিজাই লৈ ভালদৰে পিটিকি লওক। কেৰাহীত জোখমতে তেল দি পিয়াজ২টা মিহিকৈ কাটি লৈ অলপ ভাজিব। এতিয়া তাত বাকী গুৰি মচলা আৰু এচামুছ বিলাহীৰ চচ দি এক মিনিট মান সময় ভাজিব। এতিয়া কেৰাহীত পিটিকি লোৱা মিঠা আলু, বাদাম-পিষ্টাৰ গুৰি, নিমখ দি একেৰাহে অলপ সময় লৰাই ধনীয়া-পুদিনাৰ পাত দি কেৰাহিটো জুইৰ পৰা নমাই থব। মিশ্ৰণটো অলপ ঠাণ্ডা হলে দীঘলীয়া আকাৰৰ কাটলেট তৈয়াৰ কৰি ভাজিবৰ বাবে সাজু কৰি লওক। তাৱা এখনত বাটাৰ খিনি দি ৰংচুৱাকৈ ভাজক। ক্ৰিমত মৌ মিহলাই লৈ গিলাচত প্ৰথমে ক্রিম ঢালি তাৰ পিছত কাটলেট ৰাখি ওপৰত আকৌ ক্রিম আৰু বিলাহীৰ চচ দি সুন্দৰ কৈ সজাই পৰিবেশন কৰক।

No comments: