মচলা-বিতৰ ৰসেৰে কণীৰ জুতি
Masala Egg In Beetroot Juice
সামগ্ৰী- কণী-৫-৬টা, বিত-২টা, পিয়াজ-২টা, বিলাহী-১টা, ক্রিম-১টেবুল চামুচ, আদা-নহৰু বটা- জিৰা গুৰি- কিচ্ছেন কিং মচলা- গৰম মচলা-আধা চামুচ কৈ, মগজ-কাজু বটা-১চামুচ কৈ, নিমখ- জালুক-জলকীয়া গুৰি-সোৱাদ অনুযায়ী, হালধি-তেল-জোখমতে
প্ৰস্তুত প্ৰণালী- বিত দুটা ৰুকি ৰস উলিয়াই লব। কণী কেইটা সিজাই বাকলি গুচাই লব। এচামুছ বিতৰ ৰস ৰাখি থৈ বাকীখিনি ৰসত কনী কেইটা ১ঘণ্টা ডুবাই থওক। মাজে মাজে লুটিয়াই থাকিব। পিয়াজ-বিলাহী সৰুকৈ কাটি কম তেলত অলপ ভাজি লৈ মিক্সিত পিহি লওক। এতিয়া কেৰাহীত জোখমতে তেল দি পিয়াজ বটা আৰু বাকী বটা বোৰ অলপ সময় ভাজি গুৰি মচলা বোৰ ভাজিব। মচলা ভজাৰ গোন্ধ ওলালে নিমখ, ক্ৰীম আৰু বিতৰ ৰস চামুচ দি একেৰাহে অলপ পৰ লৰাই এক গিলাচ অথবা নিজৰ জোখমতে পানী দি উতলিবলৈ দিব। কণী কেইটাও বিতৰ ৰসৰ পৰা উঠাই কেৰাহীত দিব। আঞ্জাখন উতলি ঘন হৈ আহিলে জুই বন্ধ কৰি দিব। গৰম ভাতৰ লগত খাবলৈ খুবেই তৃপ্তিদায়ক হয়।

No comments:
Post a Comment