দৈ আৰু চুজিৰ কাতলেট
Curd And. Suji Cutlets
সামগ্ৰী - চুজি ১ কাপ, দৈ ১ কাপ, আলু পিটিকা আধা কাপ, কেঁচা জলকীয়া দুটা, নিমখ আৰু জালুকৰ গুৰি নিজৰ জুতি মতে, পিয়াঁজ দুটা, ধনীয়া গুৰি-কচুৰী মিথি-চাট মচলা আধা চাহ চামুচকৈ , পানী আধা কাপ ,ধনীয়া পাত এমুঠি, তেল জোখ মতে
প্ৰস্তুত প্ৰণালী - চুজি খিনি শুদা কেৰাহীত সামান্য ৰঙচুৱা হোৱালৈ ভাজি একাষে থৈ দিয়ক। ধনীয়া পাত,পিয়াঁজ, জলকীয়া মিহিকৈ কুটি লব। ননষ্টিক কেৰাহী এটাত জোখ মতে তেল দি পিয়াঁজ খিনি অলপ ভাজি লৈ তাত কূটা জলকীয়া ,নিমখ আৰু বাকী মচলা দি অলপ সময় ভাজিব। এতিয়া আলু পিটিকা আৰু চুজি খিনি কেৰাহীত দি অলপ সময় ভাজি দৈ কাপ দি একেৰাহে লৰাই থাকিব।আনখন হাতেৰে পানী খিনি লাহে লাহেকৈ ঢালি দি মিশ্ৰণটো ডাঠ হৈ কেৰাহীৰ পৰা এৰাই অহালৈ ভালদৰে ভাজিব লাগিব। এতিয়া কেৰাহী টো জুইৰ পৰা নমাই আনি চুজিৰ মিশ্ৰণ খিনি কাঁহী এখনত আধা ইঞ্চি মান ডাঠকৈ বহলাই দি ২০ মিনিট সময় ঠাণ্ডা হবলৈ দিব। ফ্ৰীজত থলে ১০ মিনিতে যথেষ্ট। তাৰ পিছত নিজৰ পছন্দৰ আকাৰত কাটি লৈ ননষ্টিক টাৱাত সামান্য তেলত অথবা কেৰাহীত বেছি তেল দি তেলত দুবাইও ভাজিব পাৰে। মই সামান্য তেল দি টাৱাত ভাজি লৈছো। স্কুলত টিফিন দিবলৈ ,গৰম চাহ কফিৰ লগত খাবলৈ খুবেই সোৱাদ লগা হয়

No comments:
Post a Comment