আটা-মাকৈ-গাজৰেৰে বনোৱা আবেলিৰ জলপান
Aata- Corn- Carrot evening Snacks
সামগ্ৰী - আটা-১কাপ, দৈ- আধা কাপ, ৰোকা গাজৰ-১কাপ, সিজোৱা মাকৈ- আধা কাপ, আলু-১টা, নিমখ-জালুক-জলকীয়া গুৰি-জুতিমতে, টমেট চচ-১চামুচ, কচুৰি মিথি-আধা চামুচ, ধনীয়া গুৰি-আধা চামুচ, পিয়াজ-২টা, ধনীয়া-পুদিনা, পানী-তেল জোখমতে
প্ৰস্তুত প্ৰণালী- আলু আৰু মাকৈ সিজাই লৈ আলুটো পিটিকি লব। পিয়াজ দুটা ৰুকি বা মিহিকৈ কাটি লব। আটাখিনিত নিমখ আৰু গুৰি মচলাবোৰ মিহলাই লওঁক। এতিয়া বহল বাচন এটাত সকলোবোৰ সামগ্ৰী লগলগাই ভালদৰে সানি লওঁক। প্ৰথমতেই পানী দিব নালাগে, প্ৰয়োজন মতে লাহে লাহে মিহলাই লব। ইচ্ছা কৰিলে কণী এটাও ভাঙি দিব পাৰে। মই অৱশ্যে দিয়া নাই। মিশ্ৰণটো বেছি পানীয়া অথবা বেছি গোটাও হব নালাগে। ডোচা বনোৱা ঘোলৰ নিচিনা হব লাগিব। ননষ্টিক তাৱা এখন গৰম কৰি লৈ সামান্য তেল মচি দি ডাঙৰ হেতা এখনেৰে এবাৰ দি বহলাই দিব। বহাই দিয়াৰ সময়ত জুই একেবাৰে কম আৰু তাৰ পিছত মধ্যমীয়া ৰাখিব। ওপৰত অলপ অলপ তেল চটিয়াই এক মিনিট মানৰ পিছত লুটিয়াই দি ভজা হলে নমাই থব। এনেকৈ বাকীবোৰো ভাজি লৈ চচ-চাটনিৰ লগত গৰমে গৰমে জুতি লওঁক।

No comments:
Post a Comment