ৰঙা গাজৰৰ বৰফি
Red Carrot Barfi
সামগ্ৰী - ৰঙা গাজৰ ৫০০ গ্ৰাম, গাখীৰ ১কাপ,সৰুকৈ কূটা বাদাম আৰু চেনি আধা কাপকৈ, কাজু ১০ টা মান, ঘি ২ টেবুল চামুচ, ডালচেনিৰ সৰু টুকুৰা এটা, ইলাচি গুৰি অলপ, নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী - গাজৰ কেইটা ধুই ৰুকি লব। ননষ্টিক কেৰাহী এটা পাতি ঘি গৰম কৰি লৈ ডালচেনিৰ টুকুৰা টো দি গাজৰ খিনি বহাই দিব। নিমখ চিকুট দি গাজৰৰ ৰস শুকুৱালৈ ভাজিব। পাচলিৰ মিঠাই বনালে অকনমান নিমখ দিলে খুবেই জুতি লগা হয়। কাজু কেইটা ফালি লৈ কেৰাহীত দিয়ক। লগে লগে বাদাম আৰু চেনিও দিব। অলপ সময় ভালদৰে লৰাই ভাজিব যাতে চেনি গলি গাজৰৰ মিশ্ৰণটো কোমল হয় আৰু লাগিও নধৰে। এতিয়া গাখীৰ কাপ দি একেৰাহে লৰাই থাকিব । মিশ্ৰণটো শুকাই কেৰাহীৰ পৰা এৰাই আহিলে ইলাচিৰ গুৰি দি জুইৰ পৰা নমাই আনি কাঁহী এখনত বহলাই দি ২০ মিনিট মান সময় ঠাণ্ডা হবলৈ দিব। ঠাণ্ডা হলে নিজৰ পছন্দৰ আকাৰত কাটি লৈ গৰম চাহ অথবা কফিৰ লগত সুন্দৰ আবেলিটো উপভোগ কৰক ।

No comments:
Post a Comment