Friday, 16 February 2018

Banana Strawberry Brioche

পকা কল- ষ্ট্ৰবেৰী  ব্ৰিয়চ
Banana Strawberry Brioche

সামগ্ৰী - ময়দা ১ কাপ, চুজি -চেনি আধা কাপকৈ,পকা কল ২ টা, ষ্ট্ৰবেৰী ৬-৭ টা অথবা ষ্ট্ৰবেৰী জাম ২ টেবুল চামুচ,কণী ২টা অথবা পানী চেকা দৈ ১ কাপ, বাটাৰ বা ৰিফাইন তেল ২ টেবুল চামুচ, ভেনিলা এচেঞ্চ ১ চামুচ, বেকিং পাউদাৰ ১ চামুচ, নিমখ এচিকুট ,গাখীৰ অলপ

প্ৰস্তুত প্ৰণালী - বাটাৰ খিনি গলাই কণী আৰু চেনিৰ লগত ভালদৰে ফেটি লওঁক। পকা কল দুটা মিহিকৈ পিটিকি লব। গোটা ষ্ট্ৰবেৰী হলে মিক্সিত দি অলপ পিহি লব। বহল বাচন এটাত ময়দা,চুজি ,বেকিং পাউদাৰ ,নিমখ একেলগ কৰি চালি লওঁক। এতিয়া তাত গাখীৰৰ বাহিৰে বাকী সকলো সামগ্ৰী দি হেতাৰে ভালদৰে লাহে লাহে লৰাই মিশ্ৰণ টো তৈয়াৰ কৰিব লাগিব।গাখীৰ প্ৰয়োজন অনুসৰি অলপ অলপ কৈ দিলে হল। কেকৰ মিশ্ৰণতকৈ সামান্য পানীয়া ৰাখিব লাগিব। কেক টিন বা অভেনত দিব পৰা বাচন এটাত অলপ বাটাৰ সানি লৈ ব্ৰিয়চৰ মিশ্ৰণ ঢালি ১৮০ ডিগ্ৰীত ৩৫-৪০ মিনিট বেক কৰিব লাগিব। অভেন নাথাকিলে হুইছেলটো খুলি থৈ কুকাৰতো বনাব পাৰি। সময় অলপ বেছি লাগিব পাৰে। আবেলিৰ চাহ কাপৰ লগত খাবলৈ পালে সকলোৱে খুউব তৃপ্তি পাব।

No comments: