Tuesday, 20 February 2018

Pumpkin flowers Fritters in tempura

ৰঙালাওৰ ফুলৰ টেম্পুৰা ফ্ৰীটাৰ্ছ
Pumpkin flowers Fritters in tempura

সামগ্ৰী - ৰঙালাওৰ ফুল ১০-১২ টা, ময়দা, চাউলৰ গুৰি ২ টেবুল চামুচকৈ, জালুক-নিমখ-জলকীয়াৰ গুৰি  সোৱাদ অনুযায়ী, নহৰু গুৰি ১ চাহ চামুচ ,চাট মছলা  আধা চামুচ, নেমুৰ ৰস এচামুচ,পানী - তেল জোখ মতে

প্ৰস্তুত প্ৰণালী - ফুল কেইটা চাফা কৰি লাহে লাহে ধুই লব লাগিব যাতে ফুলৰ পাহি বোৰ ছিঙি নাযায়। পেপাৰ নেপকিন বা কপাহী কাপোৰ এখনত ফুলকেইটা দহ মিনিট মান সময় থৈ দিব। ফুল ভাজিবলৈ কেৰাহীত জোখ মতে তেল দি  গৰম হবলৈ দিয়ক। ময়দা, চাউলৰ গুৰিৰ লগত সকলো সামগ্ৰী মিহলাই পানীৰে অলপ গোটা ঘোল তৈয়াৰ কৰি লওঁক। এতিয়া এটা এটা কৈ ফুল ঘোলত লেটীয়াই গৰম তেলত কম জুইত ভাজি উঠাই থওক । গৰমে গৰমে খাবলৈ খুবেই সোৱাদ লগা হয়।

No comments: