গোৱাৰ পদ্ধতিত ৰন্ধা মাছৰ জুতি
Goan masala Fish
সামগ্ৰী - মাছ ৫০০ গ্ৰাম, নাৰিকল বটা ২ টেবুল চামুচ, পিয়াঁজ আৰু বিলাহী এটাকৈ, কাজু বটা ১ চামুচ, আদা-নহৰু বটা ১ চামুচ, নিমখ-জালুক-জলকীয়াৰ গুৰি সোৱাদ অনুযায়ী, ধনীয়া গুৰি আধা চামুচ, গৰম মছলা অলপ, হালধি-তেল জোখ মতে
প্ৰস্তুত প্ৰণালী - মাছ কেইটা ধুই অলপ জালুকৰ গুৰি,নিমখ,হালধি সানি একাষে থৈ দিয়ক। পিয়াঁজ আৰু বিলাহী মিক্সিত দি মিহিকৈ পিহি লওঁক। এতিয়া মাছ কেইটা ভাজি উঠাই থব। কেৰাহীত তেল বেছি আছে যদি অলপ কমাই থৈ সেই তেলতে প্ৰথমে পিয়াঁজ বিলাহী বটা খিনি ভাজি লব। অলপ সময় ভজাৰ পিছত গৰম মচলাৰ বাহিৰে বাকী সকলো সামগ্ৰী দি ভালদৰে লৰাই ভাজিব। মচলাৰ ভজা গোন্ধ ওলালে ডেৰ গিলাচ মান বা নিজৰ জোখ মতে পানী দি উতলিবলৈ দিব। ভালকৈ উতল আহিলে মাছ কেইটা কেৰাহী দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে গৰম মচলা দি কেৰাহীটো জুইৰ পৰা নমাই থব। গৰম ভাত অথবা ৰুটিৰ লগত খাবলৈ খুবেই জুতি লগা হয়।

No comments:
Post a Comment