কমলাৰ সোৱাদেৰে অমিতাৰ বৰফি
Orange flavoured Papaya Barfi
সামগ্ৰী - পকা অমিতা ১ টা,কমলাৰ ৰস আধা কাপ, কমলাৰ বাকলিৰ গুৰি ১ চামুচ, গুড় ২ চামুচ ,চুজি ২ টেবুল চামুচ, ঘি ১ চামুচ ,বাটাৰ ১ চামুচ ,নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী - অমিতাটোৰ বাকলি গুচাই কাটি লৈ হাতেৰে মোহাৰি লওঁক। চুজি খিনি একো নিদিয়াকৈ শুকানে ভাজি একাষে থৈ দিয়ক। কেৰাহীত ঘি আৰু বাটাৰ দি অমিতা খিনি বহাই দি লৰাই থাকি কমলাৰ ৰস আৰু নিমখ দি একেৰাহে লৰাই থাকিব। অমিতাৰ ৰস আধা মান শুকালে ভাজি থোৱা চুজি,গুড় আৰু কমলাৰ বাকলিৰ গুৰি দি একেৰাহে লৰাই থাকিব লাগিব। চুজি খিনি অমিতাৰ ৰসতে সিজিব,বেলেগকৈ পানী অথবা গাখীৰ দিয়াৰ প্ৰয়োজন নাই। মিশ্ৰণটো শুকাই কেৰাহীৰ পৰা এৰাই আহিলে জুইৰ পৰা নমাই আনি ঘি মচি লোৱা কাঁহী এখনত বহলাই দি অলপ ঠাণ্ডা হলে নিজৰ পছন্দৰ আকাৰত কাটি লৈ গৰম চাহ অথবা কফিৰ লগত বৰফিৰ সোৱাদ লওঁক।

No comments:
Post a Comment