Saturday, 3 February 2018

Pepper Dhania Chicken Curry

জালুক ধনীয়াৰে চিকেনৰ সোৱাদ
Pepper Dhania Chicken Curry

সামগ্ৰী - চিকেন ১ কেজি,পিয়াঁজ ৩ টা,বিলাহী ২টা,কেঁচা জলকীয়া ২ টা,ধনীয়া গুটি ১ চামুচ, ধনীয়া গুৰি ১ চামুচ, জিৰা গুৰি-গৰম মছলা আধা চামুচকৈ,জালুক -জলকীয়া গুৰি -নিমখ জুতি মতে, আদা নহৰু বটা ১ চামুচ, ধনীয়া পাত কুটি লোৱা এবাতি, হালধি তেল জোখ মতে

প্ৰস্তুত প্ৰণালী - চিকেনত অলপ নিমখ,জালুকৰ গুৰি ,আদা নহৰু বটা আৰু ধনীয়া গুৰিখিনি দি ভালদৰে সানি ১ঘন্টা থৈ দিয়ক। পিয়াঁজ আৰু বিলাহী সৰুকৈ কাটি লৈ সামান্য তেলত ভাজি মিক্সিত পিহি লব। এঘন্টা পিছত কেৰাহীত জোখ মতে তেল দি ধনীয়া গুটি আৰু কেঁচা জলকীয়া দি অলপ ভাজি চিকেনখিনি দি ভালদৰে লৰাই দিয়ক। মাংসৰ ৰং সলনি হলে পিয়াঁজ বিলাহী বটাৰ লগতে বাকীখিনি মছলা,নিমখ হালধি দি কিছু সময় ভাজি আন্দাজ মতে পানী দি উতলিবলৈ দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে ধনীয়া পাত দি কেৰাহীতো জুইৰ পৰা নমাই থব।গৰম ভাত অথবা ৰুটি লুচিৰ লগত খাবলৈ খুউব সোৱাদ লগা হয় ।

No comments: