মাটি মাহ আৰু বীটৰ ৰসৰ জিলাপী
Black gram and Beetroot juice Jalebi
সামগ্ৰী - মাটি মাহৰ দাইল ২ কাপ, চাউলৰ গুৰি ১ কাপ,বীটৰ ৰস আধা কাপ,নিমখ এচিকুট, পানী জোখ মতে, তেল আধা লিটাৰতকৈ অলপ কম
চেনিৰ ৰস - চেনি ২ কাপ,পানী ২ কাপ,নেমুৰ ৰস ১ চামুচ। চেনি নাখালে মৌ অথবা খেজুৰ গুড় আধা কাপ,পানী ১ কাপ
প্ৰস্তুত প্ৰণালী - মাটি মাহ খিনি তিয়াই বাকলি গুচাই লৈ মিক্সিত খুব মিহিকৈ পিহি লব।জোখ মতে পানী দি পিহি লোৱা দাইল আৰু চাউলৰ গুৰিৰ ঘোল তৈয়াৰ কৰি এক ৰাতি কাপোৰেৰে ঢাকি থৈ দিয়ক।ঘোলটো মালপোৱাৰ ঘোলতকৈ অলপ ডাঠ হব লাগিব। পিছদিনা প্ৰথমে এটা কেৰাহীত চেনিৰ ৰস উতলিবলৈ দিব।উতলি থাকোতে নেমুৰ ৰস খিনি দিব,তেতিয়া চেনিত যদি কিবা লেতেৰা থাকে সেয়া ফেন হৈ ওপৰলৈ উঠি আহিব, হেতাৰে পেলাই দিব। ঘৰত নেমু নাথাকিলে ২-৩ চামুচ গাখীৰ দিব পাৰে। এতিয়া দাইলৰ ঘোলটোত নিমখ আৰু বীটৰ ৰস ভালদৰে মিহলাই লব। মিশ্ৰণটো যদি অলপ পানীয়া হোৱা যেন লাগে এক দুই চামুচ চাউলৰ গুৰি মিহলাই লৈ ভালদৰে সানি লৈ ডাঠ কাপোৰ এখনত সৰু ফুটা এটা কৰি লৈ অথবা জিলাপী মেকাৰত ভৰাই গৰম তেলত মধ্যমীয়া জুইত জিলাপী ভাজি চেনিৰ ৰসত দুবায়েই তুলি আনি গৰমে গৰমে পৰিবেশন কৰক।চেনিৰ ৰস খিনি কুহুমীয়া গৰম হৈ থাকিব লাগিব। মাটি মাহৰ জিলাপী দুদিন মান সাঁচি ৰাখি খালেও খুব সোৱাদ লাগে।

No comments:
Post a Comment