Monday, 12 February 2018

Himachali Gobhi Palda

হিমাচলী কবিৰ পলদা
Himachali  Gobhi  Palda

সামগ্ৰী - ফুলকবি ৫০০ গ্ৰাম, পিয়াঁজ -কেঁচা জলকীয়া দুটাকৈ, বিলাহী ১ টা,নাৰিকল বটা - কাজু বটা ১ চামুচ কৈ,নিমখ - জালুক - জলকীয়া গুৰি জুতি মতে, আদা নহৰু বটা ১ চামুচ, ভজা জিৰাৰ গুৰি আৰু গৰম মছলা আধা চামুচ কৈ,তেল - হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী - ফুলকবিটো ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি লৈ অলপ নিমখ দি আধা সিজোৱা কৰি উঠাই থব।পিয়াঁজ, জলকীয়া, বিলাহী সৰুকৈ কাটি সামান্য ভাজি মিক্সিত পিহি লওঁক। কেৰাহীত জোখ মতে তেল দি প্ৰথমতে বটা বোৰ অলপ ভাজি লৈ তাৰ পিছত গৰম মছলাৰ বাহিৰে বাকী সকলো সামগ্ৰী দি কিছু সময় ভাজিব লাগিব। মছলাৰ ভজা গোন্ধ ওলালে ফুলকবিৰ টুকুৰা দি লাহে লাহে ভালদৰে লৰাই এক গিলাচ মান পানী দি ঢাকোন লগাই  কম জুইত সিজিবলৈ দিয়ক। আঞ্জাখন থুপথুপিয়া হলে গৰম মছলা দি কেৰাহীটো নমাই থব। ফুলকবিৰ পলদা গৰম ভাত অথবা ৰুটি লুচিৰ লগত খুউব জুতি লগা হয়।

No comments: