পানীলাও আৰু পালেঙৰ চপৰ সৈতে পিয়াঁজৰ ৰিং
Bottle guard Spinach Stripes With Laccha Onion
সামগ্ৰী - ৰোকা পানীলাও ১ বাতি,পালেং শাক ১ মুঠি,পনীৰ আৰু বেচন আধা কাপকৈ, আদা নহৰু বটা ১ চামুচ, নিমখ -জালুক-জলকীয়া গুৰি সোৱাদ অনুযায়ী, কচুৰী মিথি -চাট মচলা আধা চামুচকৈ, পিয়াঁজ ৩ টা,কেঁচা জলকীয়া ২ টা,নেমুৰ ৰস ১ চামুচ, ধনীয়া পুদিনা পাত অলপ,তেল জোখ মতে
প্ৰস্তুত প্ৰণালী - কোমল পানীলাও এটা কাটি বাকলিৰ ঠিক তলৰ অংশ গাজৰ ৰোকাৰ দৰে ৰুকি লব। পালেং শাক খিনি গৰম পানীত ৩০ চেকেণ্ড ৰাখি তুলি আনি মিক্সিত সামান্য পিহি লব। কেঁচা জলকীয়া আৰু দুটা পিয়াঁজ সৰু সৰুকৈ কুটি লব।এটা পিয়াঁজ ৰিং আকাৰত কাটি লওক। পনীৰ খিনি হাতেৰে মোহাৰি লব। এতিয়া বহল বাচন এটাত সকলো সামগ্ৰী লগলগাই ভালদৰে সানি লওঁক। ননষ্টিক টাৱাত জোখ মতে তেল দি ক্ষীণ দীঘল আকাৰত চপ কেইটা মধ্যমীয়া জুইত ভাজি উঠাই থওক। পিয়াঁজৰ ৰিং আৰু চচেৰে সুন্দৰকৈ সজাই পৰিবেশন কৰক।

No comments:
Post a Comment