Thursday, 1 March 2018

Chickpea Sweet And Sour Pickle

কাবুলি বুতৰ মিঠা টেঙা আচাৰ
Chickpea Sweet  And Sour Pickle

সামগ্ৰী - কাবুলি বুত ৫০০ গ্ৰাম,ধনীয়া গুৰি ১ চামুচ, জিৰা গুৰি আৰু আজৱাইন আধা চামুচ, মিথিগুৰি এচিকুট, নিমখ আৰু জলকীয়া গুৰি সোৱাদ অনুযায়ী, তেঁতেলীৰ ৰস ১টেবুল চামুচ, ভিনেগাৰ আধা কাপ,গুড় বা চেনি ১টেবুল চামুচ, নৰসিংহৰ পাত হাতৰ এমুঠি ,মিঠাতেল আধা লিটাৰতকৈ অলপ কম ,হালধি অলপ

প্ৰস্তুত প্ৰণালী - কাবুলি বুত বোৰ কুকাৰত দি ভালদৰে সিজাই লব লাগিব । ঘুগুনী বনাবলৈ সিজোৱাতকৈ অলপ বেছি সিজাব লাগিব।তেতিয়াহে নিমখ মচলা ভালকৈ সোমাব । কেৰাহীত তেল গৰম কৰি লৈ সিজোৱা বুতবোৰ দিয়ক। জুই কমাই ৰাখিব লাগিব।এতিয়া গুৰি মচলা বোৰ দি লৰাই দিব। হালধি ,নিমখ,গুড় বা চেনি আৰু নৰসিংহৰ পাতখিনিও দিব। ভিনেগাৰত তেঁতেলীৰ ৰস গুলি কেৰাহীত দি একেৰাহে লাহে লাহে লৰাই থাকিব। মচলা আৰু ভিনেগাৰ বুতত ভালদৰে লাগি ধৰিলে কেৰাহীটো জুইৰ পৰা নমাই থব। সম্পূৰ্ণ ঠাণ্ডা হলেহে আচাৰ বটলত ভৰাব। কেইবামাহলৈ সাঁচি ৰাখি এইবিধ আচাৰৰ জুতি লব পাৰি।

No comments: