টুটি ফ্ৰুটি কেণ্ডিদ কিউবছ
( Tutti Frutti Candied Cubes )
সামগ্ৰী - কেঁচা অমিতা ৫০০ গ্ৰাম ( ১টা ), চেনি ২কাপ ,পানী ২ কাপ ,ভেনিলা এচেঞ্চ ১ চামুচ, ফুড কালাৰ আধা চাহ চামুচকৈ -ৰঙা, কমলা, হালধীয়া, সেউজীয়া
প্ৰস্তুত প্ৰণালী - কেঁচা অমিতাৰ আধা ইঞ্চিৰ জোখৰ সৰু সৰু টুকুৰা কৰি লব ।এটা বাচনত অমিতাৰ টুকুৰাবোৰ তল যোৱাৰ জোখাত পানী দি উতলিবলৈ দিব।উতলা পানীত অমিতাৰ টুকুৰা দি ৩ মিনিট ৰাখি জুই বন্ধ কৰি দি ৫ মিনিট ঢাকি থব।তাৰ পিছত পানী চেকি অমিতাৰ টুকুৰাবোৰ উঠাই থব। এতিয়া ২ কাপ চেনি আৰু ২ কাপ পানী লগলগাই চেনিৰ ৰস বনাই তাত অমিতাৰ টুকুৰা আৰু ভেনিলা এচেঞ্চ দি ভালদৰে লৰাই দিয়ক। বেলেগ বেলেগ ৪ টা বাচনত ফুড কালাৰ ৰাখি চেনিৰ ৰসেৰে সৈতে অমিতাৰ টুকুৰা ভাগ ভাগ কৈ ৰাখক।তেনেকৈ ১২-১৪ ঘন্টা ৰাখি চেকি লৈ অমিতাৰ টুকুৰাবোৰ বহল চালনিত মেলি দি দুদিনমান শুকুৱাই জর্জৰীয়া হলে এয়াৰ টাইট বটলট ভৰাই আইস্ক্ৰীম, কেক আদি বনাওতে বহুদিনলৈ ব্যৱহাৰ কৰিব পাৰি।সৰু সৰু লৰা ছোৱালীয়ে কেণ্ডিৰ নিচিনাকৈ খাইও বৰ সোৱাদ পাব।

No comments:
Post a Comment